If you are searching for Assamese new poem then welcome, this is an unique poem for you, And sure you love it.
নমস্কাৰ, আজি আপোনালোকৰ ওচৰলৈ মোৰ বন্ধু কাৰানে লিখা এটি সুন্দৰ অসমীয়া কবিতা আগবঢ়োৱা হ’ল, আশা কৰো আপোনালোকে কবিতাটো ভাল পাব। কবিতাৰ শিৰোনামা -নিৰিবিলি।
নিৰিবিলি
poet- Karan Kalita
আৰম্ভ হ’লেতো শেষ নিশ্চয়কৈ হয়,
শেষৰ পৰা হোৱা আৰম্ভণিহে অসমাপ্ত
স্মৃতিৰ মণিকোঠাত থকা শুষ্ক পাতবোৰে
পুনৰ মৰমৰাব; হাঁহিত জীপাল হ’ব সকলো।
TU ৰ amenity ত পুনৰ আড্ডা বহিব,
সোনোৱালী ৰ’দে সৰি পৰা সোণাৰুক
চুমা যাচিব…
সৰি থকা কাঞ্চন ফুলবোৰ পুনৰ কোনোবাই বুটলিব,
হয়তো চন্দ্রা বাই, হয়তো সন্ধাই !!
কোনো এটি আবেলিত অভিমন্যুই সন্ধ্যাৰ পৰা
আইছ ক্ৰীমটো লৈ পুনৰ দৌৰিব !
বিদিশা বা, বীণা বা আৰু পখীৰ উৎপাতত
উথলি পৰিব সোৱণশিৰি।
ময়ূৰে পুলৰ পাৰত বাই কল্পিত প্রেয়সী
ৰাধাৰ উৰুত মূৰ থৈ শুব।
অনুৰণৰ লাজকুৰীয়া মুখত সন্ধাই
পুনৰ ছটিয়ার হেঙুলী আবিৰ।
নিৰিবিলি জানো নিৰিবিলি ?
নহয়, নিৰিবিলি শত সহস্র বন্ধুত্ব আৰু প্ৰেমৰ
বান্ধোনেৰে বন্ধা কোলাহলৰ কাহিনী 💚
💚💚
Reccomended book
ধন্যবাদ আপোনাক, ইমান সময় আমাৰ পেজত সময় দিয়াৰ বাবে,। ওপৰৰ লিখা কবিতাটো যদি আপোনানালোকৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
Recommended Post –
The poem as name Niribili is an amazing Assamese poem Written by Karan kalita(my friend), He is an amazing poem writer(poet), if you love the poem then comment us, and if not then say what should we improve.
বিদ্ৰঃ : কবিৰ নাম আৰু ৱেবচাইটৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।
আপোনালোকৰ কোনোবাই এনেধৰণৰ পোস্ট ইয়াত আপলোড কৰিব বিচাৰিলে mail korok
with love