আৱেগেৰে ভৰপূৰ এক কাব্যিক প্ৰতিফলন -NEW ASSAMESE POEM BY UNIQUE THINGS

Sharing is caring!

A heartfelt greeting to all, get ready to explore the heart of Assam through beautiful poems that express a range of feelings. In today’s post, we bring you four special poems that capture the essence of life and emotions.

BRIEF DISCUSSION ABOUT ALL POEMS

Our first three poems,- “ Andhar Jetiya naame” (When Darkness falls) and “Nirobotai Ajir Prashna” (Silence is today’s question)these two Assamese poems by Ajed (pen-name  Nikhar Junak) , andSwaragar pari tumi” (You’re the fairy of heaven) by Bhaskar Rajbongshi, takes you deep into reflection, touching on the mysteries hidden in the shadows. These poems make you think and feel, inviting you to embrace the unknown.

    But our collection isn’t just about darkness. “A Celestial Touch” reaches for the stars, celebrating the connection between the earthly and the divine.    

Today’s last poem from our side is “Life Without You” ( Tumi Bihin Jibon).”Life without You” is an Assamese poem that delves into the emotions of longing and solitude. Through simple yet powerful verses, it paints a poignant picture of how the absence of a significant person can shape our journey through life.

These poems showcase the rich literary heritage of Assam, inviting readers to immerse themselves in the beauty of Assamese poetry.

  Join us on this journey through Assamese poetry. Let these verses resonate with you, evoking emotions and revealing the beauty of a language crafted from dreams and whispers. Enjoy the richness of these heartfelt expressions.

আমাৰ কবিতাবোৰৰ শিৰোনামা – 

  1. Nirobotai Ajir Prashna (নীৰৱতাই আজিৰ প্ৰশ্ন) 
  2. Andhar Jetiya Name (এন্ধাৰ যেতিয়া নামে) 
  3. Swaragar Pari Tumi (সৰগৰ পৰী তুমি) 
  4. (Tumi Bihin Jibon) তুমি বিহীন জীৱন

ASSAMESE POEM: FEELINGS AND ART IN SIMPLE, BEAUTIFUL WORDS

  1. নীৰৱতাই আজিৰ প্ৰশ্ন  
Tumi Bihin jibon- an Assamese poem by Ajed Ali
Nirobota e ajir Prashna – An sad Assamese poem

কিছু অপ্রত্যাশিত ভাৱনাক সাৱটি

নিস্তেজ হেঁপাহবোৰক জীয়াই ৰখাতকৈ

কেতিয়াবা সৌ নিলগৰ নীৰৱতাত

হেৰাই যোৱাটোৱেই হয়তো সহজ………

 কিয়নো লাহে লাহে যে বাঢ়ি আহিছে

 নিস্পৃহ নিশাৰ কঁজলা এন্ধাৰ…..। 

বিনিদ্র চকুযুৰিতো ভাহি উঠিছে 

পোৱা-নোপোৱাৰ দোমোজাত কিছু নিথৰুৱা সপোন……

 মাথো ক্লান্ত শিতানৰ গাৰুটিক সাৱটি

কিছু গোমোঠা অনুভৱক জীয়াই ৰখাৰ চেষ্টা…। 

সকলো ক্রমশ: হেৰাই গৈছে…

 সময়ৰ ছলনাত সকলো উটি গৈছে… 

আছে মাথো মুখচন্দ্ৰৰ অট্টহাস্য,

বাকৰূদ্ধ জীৱনৰ কিছু প্ৰণয়বিহীন কোলাহল….।

এতিয়া পোহৰলৈ বৰ ভয়…. 

ব্যস্ততাৰ ভিৰত, বাস্তৱতাৰ আঁৰত

 মুখা পিন্ধা মানুহবোৰলৈ বৰ ভয়…..,

মাথো কিছু জীয়া নিসংগতাক স্মৰণ কৰি 

নীৰৱতাক সাৱটি ধৰাৰ বৰ হেঁপাহ । 

  1. এন্ধাৰ যেতিয়া নামে 
Andhar Jetiya naame- an sad Assamese poem

আবেলিৰ সৌ ৰাঙলী বেলিটি 

লুকাই যায় শুকুলা ডাৱৰৰ মাজত

 আকৌ উভতি অহাৰ প্ৰতিশ্ৰুতি দি…… 

আৰু গধূলিক আকোঁৱালি এন্ধাৰ নামে।

 মনবোৰ যেন নিমিষতে বিয়পি পৰে 

সৌ মেঘাচ্ছন্ন বতাহৰ মাজত …….

 ভাললগা, ভালপোৱা সকলো পাহৰি

 বাৰে বাৰে হেৰাই যাও আবিৰৰ দেশত।

লাহে লাহে যেন কজলা এন্ধাৰে 

চোঁচা মাৰি খেদি আহে……

 সেয়া দেখি মোৰ বুকুখন কঁপে,

 এই এন্ধাৰক পৰিহাৰ কৰি 

জোনাকী পৰুৱা ওলাই আহে,

 যাৰ সেমেকা পোহৰত মই বিলীন হওঁ……

 আকৌ নিস্তব্ধ জোনৰ আলফুলীয়া পোহৰে

 কাঢ়ি লয় গোটেই নিশাৰ অব্যক্ত যাতনা,

 আৰু আদৰি আনে এক নতুন দিগন্তক……

  1. সৰগৰ পৰী তুমি 🧚🧚

———————— 

Swaragar pari tumi – an Assamese imaginary poem

অচিনৰ তুমি সৰগৰ পৰী 

 মোৰ হৃদয়ৰ তুমি অৰ্ধাংগিনী  ।

তোমাৰ বাবে মোৰ ভালপোৱা

আকাশৰ পৰা গংগা নামি অহাৰ দৰে , 

 তুমিয়েতো মোৰ সৰগৰ পাৰিজাত 

তোমাৰ  আজন্ম প্ৰেমিক চৰাই  মই !

জ্বলালা হৃদয়ত মোৰ  

প্ৰেমৰ শলিতা তুমি অপ্সৰা।  

যুগে যুগে য’ত  কাহিনী 

লিখিম কবিতাৰ  ভাষাৰে, 

তোমাৰ মনত সিঁচি দিম 

মোৰ প্ৰেম স্নেহৰ মাজেৰে,

তোমাৰে কল্পনাৰ ছবি 

সুমধুৰ সপোন  হৈ 

নিশা কৰে মোক আমনি !

টোপনি ভাঙি যায়  মোৰ 

তোমাৰ  কথা ভাবি , 

তুমিয়েই যে মোৰ মন 

 সৰগৰ পৰি ,,,

যাক বাস্তৱিক কৰিব নোৱাৰি ।

  1. তুমি বিহীন জীৱন
Tumi Bihin Jibon- an Assamese love poem

তুমি অবিহনে                জীৱনটো যেন

            এখিলা উকা কাগজ ।

তোমাৰ সহাঁৰিতে            পাইছিলো যেন

           এক সোনালী মধুময় জীৱন  ।

জীৱনৰ বিশাল মৰুভূমিত সাঁজিছিলো আমি 

            দুয়োৰে সপোনৰ বালিঘৰ ।

বতাহে উৰুৱাই নিয়া       তুমি বিহীন এই জীৱন  

               যেন এখন বিশাল সাগৰ।

Reccomended Book for you from my side-

Here’s another new assamese novel as Jibon Xundar

——————-***—————–***——————

বন্ধু সকল, আমাৰ আজিৰ কবিতাবোৰৰ ভিতৰত প্ৰথম দুটা কবিতা আগবঢ়াইছে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতক চতুর্থ ষান্মাসিকত পঢ়ি থকা ছাত্র অজেদ আলীয়ে (@nikhar_junak),  সৰগৰ পৰী তুমি কবিতাটো আগবঢ়াইছে নলবাৰী কলেজৰ স্নাতক প্ৰথম ষান্মাসিকত পঢ়ি থকা ছাত্ৰ ভাস্কৰ ৰাজবংশী য়ে আৰু তুমি বিহীন জীৱন কবিতাটো আগবঢ়াইছে বৰপেটাৰ শ্বাহ আলমে।আমাৰ পোস্টটো সংস্কৰণ কৰিছে Mistquill এ। তোমালোকলৈ অশেষ ধন্যবাদ জনালোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

      আপোনালোকলৈও অশেষ ধন্যবাদ, আমাৰ পেজত ইমান সময় দিয়াৰ বাবে, ওপৰৰ কবিতাবোৰ যদি আপোনালোকে ভাল পাইছে, তেনেহ’লে এটা কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিব।

N.BPlease without our permission don’t copy these poems. If you want then share it with the author’s name or website name.

 Dear friends, if you also want to submit your poems to see it like these then please send your poems on our gmail account.

These all are from my side today, now your turn in the comment box. If you want to support my writing 𝙗𝙪𝙮 𝙢𝙚 𝙖 𝙘𝙪𝙥 𝙤𝙛 𝙘𝙤𝙛𝙛𝙚𝙚, If not able right now it’s ok. Try again. Thank you for reading the full blog.

Leave your valuable comment below

With Love❤

Ocibul

Sharing is caring!

Leave a Comment

Scroll to Top