Class 10ASSEBHSLCScience

শক্তিৰ উৎসসমূহ Class 10 Question Answers Chapter 14 Science

Sources of Energy Class 10 Science Question Answer Chapter 14

শক্তিৰ উৎসসমূহ ॥ Sources of Energy ।। Chapter 14

Get all the question answers for Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ / শক্তিৰ উৎসসমূহ class 10 question answers of Sources of energy  in Assamese medium for HSLC exams under the ASSEB board (formerly SEBA). Easily find and access the NCERT-based solutions for each chapter, helping you prepare well for your exams.  দশম শ্ৰেণীৰ বিজ্ঞানৰ Chapter 14 শক্তিৰ উৎসসমূহ / sources of energy class 10 question answers will guide you to success.

 শক্তিৰ উৎসসমূহ Class 10 question answer – Science

    মৰমৰ ছাত্র-ছাত্ৰীসকল, এইটো পোস্টত তোমালোকে প্ৰধানকৈ শক্তিৰ উৎসসমূহ ॥ The Sources of Energy পাঠটোৰ  NCERT-based solutions পাবা। যদি তোমালোকে বংশগতি আৰু ক্ৰমবিকাশ short question answer আৰু  Sources of Energy Assamese Medium  mcq বিচৰা কমেন্টত জনাব,  নিশ্চয় দিবলৈ চেষ্টা কৰিম। 

 Class 10 ।। CHAPTER 14

শক্তিৰ উৎসসমূহ ॥ Sources of Energy

BY OCIBUL OC

প্ৰশ্নাৱলী  1 – শক্তিৰ উৎসসমূহ class 10 question answers

Page –  243

Q.1. শক্তিৰ ভাল উৎস কি? 

উত্তৰঃ- শক্তিৰ ভাল উৎসৰ বাবে কিছুমান বৈশিষ্ট্যৰ প্ৰয়োজন। বৈশিষ্ট্যসমূহ হ’ল 一

  1. ই প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে বেছি কাৰ্য কৰিব লাগিব।
  2. ই সহজলভ্য হ’ব লাগিব।
  3. ই সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগিব।
  4. ই মিতব্যয়ী হ’ব লাগিব। 

Q.2. ভাল ইন্ধন কি ? 

উত্তৰঃ- ভাল ইন্ধনৰ চৰ্তসমূহ হ’ল 一

(a) ই দহনৰ দ্বাৰা অতি বেছি পৰিমানৰ তাপ নিৰ্গত কৰিব লাগিব।

(b) ই সহজলভ্য হ’ব লাগিব।

(c) ই কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰিব লাগিব।

Q.3.  যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? 

উত্তৰঃ- ৰন্ধনৰ বাবে L. P. G. ব্যৱহাৰ কৰিম। কিয়নো 一

(i) ই সহজলভ্য।

(ii) ই কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে।

(iii) ই দহনৰ দ্বাৰা উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে।

Related Post – বংশগতি আৰু ক্ৰমবিকাশ

প্ৰশ্নাৱলী  2 – শক্তিৰ উৎসসমূহ class 10 question answers

Page –  248

1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ- জীবাশ্মজাত ইন্ধন ব্যৱহাৰ কৰাত প্রধান অসুবিধাসমূহ হ’ল–

  1. জীৱাশ্মজাত ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস। গতিকে, ইহঁতৰ ভাণ্ডাৰো সীমিত।
  2.  জীৱাশ্ম ইন্ধনৰ দহনে প্ৰচুৰ পৰিমাণৰ CO₂ গেছৰ সৃষ্টি কৰে, যি এক সেউজ-গৃহ গেছ আৰু ই গোলকীয় উত্তাপনত অৰিহণা যোগায়।
  3. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। যি এছিডে বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে।
  4. নিম্ন মানৰ কয়লা জ্বলালে SO₂ গেছ উৎপন্ন হয়। এইবোৰ বায়ু প্ৰদূষণ ঘটায়। 

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

উত্তৰঃ- জীৱাশ্ম ইন্ধনবোৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস। পৃথিৱীত এই ইন্ধনবোৰৰ ভাণ্ডাৰ খুব দ্ৰুত গতিত হ্ৰাস পাই আছে আৰু এদিন শেষ হৈ যাব। সেয়েহে শক্তিৰ বিকল্প উৎসৰ প্ৰয়োজন। 

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?

উত্তৰঃ- বায়ুকলৰ উদ্ভৱনৰ দ্বাৰা বায়ু শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধন কৰা হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন কৰি দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতি শক্তিক বায়ুকলৰ পাংখা ঘুৰোৱাই ঘূৰ্ণন শক্তিলৈ ৰূপান্তৰিত কৰি   টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে।

            এনেদৰে জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধনৰ বাবে  নদীত সু-উচ্চ বান্ধ নিৰ্মাণ কৰি বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। ইয়াত পানীৰ গতি শক্তি স্থিতি শক্তিলৈ ৰূপান্তৰিত কৰি টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়।

প্ৰশ্নাৱলী  3 – শক্তিৰ উৎসসমূহ class 10 question answers

Page –  253

Q.1. কোন ধৰণৰ দাপোন 一 অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

উত্তৰঃ- অৱতল দাপোন উৎকৃষ্ট।

         কিয়নো, অৱতল দাপোণৰ প্ৰকৃতি অভিসাৰী। অৰ্থাৎ, ই সমান্তৰাল ৰশ্মিক মুখ্য ফ’কাচলৈ অভিসাৰী কৰে। সেয়ে, এখন অৱতল দাপোণে বেছিভাগ সূৰ্যৰ ৰশ্মিকে সৌৰ কুকাৰৰ পিনে অভিসাৰী কৰে। সেয়ে, সৌৰ কুকাৰটোৱে সৰ্বোচ্চ তাপ লাভ কৰে।

Q.2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?

উত্তৰঃ-মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা সীমাৱদ্ধতাসমূহ  হ’ল 一

  1. এই শক্তি সম্পূর্ণ ৰূপে সাগৰৰ জোৱাৰ-ভাটাৰৰ  ওপৰত নিৰ্ভৰশীল। 
  2. ই অতি ব্যয়বহুল।
  3. ইয়াৰ সহায়ত আহৰণ কৰিব পৰা শক্তিৰ  পৰিমাণ অতি নগন্য। 

Q.3. তাপীয় শক্তি কি?

উত্তৰঃ- ভূ-পৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা উষ্ণ অঞ্চল (hot spot) সংস্পৰ্শত অহা জলীয় বাষ্পৰে পোৱা শক্তিক ভূ-তাপ শক্তি বোলে।

Q.4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?

উত্তৰঃ- নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল 一

  1. নিউক্লীয় শক্তিৰ ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয়।
  2. অতি সামান্য পৰিমাণৰ ইউৰেনিয়ামৰ ব্যৱহাৰ কৰি অধিক পৰিমাণৰ নিউক্লীয় শক্তি আহৰণ কৰা যায়। 
  3. এই শক্তিৰ কাৰণে ব্যৱহাৰ হোৱা কেচাঁ-মাল সহজে পৰিবহন কৰিব পাৰি। 

প্ৰশ্নাৱলী  4 – শক্তিৰ উৎসসমূহ class 10 question answers

Page –  253

Q.1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?

উত্তৰঃ- হয়, শক্তিৰ উৎস দূষণমুক্ত হ’ব পাৰে। উদাহৰণস্বৰূপে, সৌৰশক্তি, সৌৰকুকাৰ, সৌৰপানী উত্তাপক (water heater) আৰু সৌৰ কোষৰ ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষিত নহয়। 

Q.2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কিয় নকৰা?

উত্তৰঃ- হাইড্রজেন গেছ দহন কৰিলে (H2O) পানী উৎপন্ন হয়। আনহাতে, CNG-ত মিথেন থাকে আৰু ইয়াৰ দহনৰ ফলত CO₂ উৎপন্ন হয়। গতিকে হাইড্রজেনক CNG তকৈ পৰিষ্কাৰ ইন্ধন বুলি ক’ব নোৱাৰোঁ।

প্ৰশ্নাৱলী  5 – শক্তিৰ উৎসসমূহ class 10 question answers

Page –  254

 Q.1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ- নবীকৰণযোগ্য শক্তিৰ দুটা উৎস হ’ল 一 (i) সৌৰশক্তি আৰু (ii) বায়ু শক্তি। 

            এই শক্তিৰ পছন্দৰ কাৰণ হ’ল এই দুয়োটা শক্তিৰ উৎসই বায়ু  প্ৰদূষণ নকৰে আৰু ব্যৱহাৰ কৰি থকাৰ ফলতো ই শেষ নহয়। 

Q.2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ- দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ’ল জীৱাশ্ম ইন্ধন আৰু নিউক্লীয় শক্তি।

            ইয়াৰ কাৰণ হ’ল এই উৎস দুটা অনৱীকৰণযোগ্য শক্তিৰ উৎস। অৰ্থাৎ ইহঁত সীমিত। 

CONNECT WITH US

Telegram Channel

অনুশীলনীঃ– শক্তিৰ উৎসসমূহ class 10 question answers

Exercise Question answer of Sources of Energy in Assamese medium!! শক্তিৰ উৎসসমূহ class 10 question answers

Q.1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা 一

       (a) ৰৌদ্ৰোজ্বল দিন             (b) ডাৱৰীয়া দিন 

       (c) গৰম দিন (d) বতাহে কোবোৱা দিন।

উত্তৰঃ- (b) ডাৱৰীয়া দিন।

Q.2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?  

       (a) খৰি             (b) গোবৰ গেছ  

       (c) নিউক্লীয় শক্তি                (d) কয়লা।  

উত্তৰঃ- (c) নিউক্লীয় শক্তি।   

Q.3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়? 

        (a) ভূ-তাপীয় শক্তি             (b) বায়ু শক্তি 

        (c) নিউক্লীয় শক্তি         (d) জৈৱ উপাদান। 

উত্তৰঃ- (c) নিউক্লীয় শক্তি।

Q.4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰঃ-

জীৱাশ্ম ইন্ধনসৌৰ শক্তি
এইবোৰ অনবীকৰণযোগ্য শক্তিৰ উৎস। এইবোৰ নবীকৰণযোগ্য শক্তিৰ উৎস।
জীৱাশ্ম ইন্ধনৰ পৰা পৰিৱেশ প্ৰদূষিত হয়। যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়। 2. সৌৰ শক্তিৰ পৰা পৰিৱেশ প্ৰদূষিত নহয়। 

Q.5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰঃ-

জৈৱ উপাদানজল বিদ্যুৎ
জৈৱ উপাদান উদ্ভিদ আৰু প্ৰাণীজাত পদার্থৰ পৰা আহৰণ কৰা শক্তিৰ উৎস। জল বিদ্যুৎ হ’ল নদীত উচ্চ বান্ধ নিৰ্মাণ কৰি পানীৰ স্থিতি শক্তিক ব্যৱহাৰ কৰি আহৰণ কৰা শক্তিৰ উৎস। 
জৈৱ উপাদান দহনৰ ফলত বায়ুৰ প্ৰদূষণ হয়। জল বিদ্যুৎ ব্যৱহাৰৰ ফলত বায়ুৰ প্ৰদূষণ নহয়। 

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? 

(a) বতাহ (b) তৰংগ (c) জোৱাৰ – ভাতা 

উত্তৰঃ- 

(a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা

  • বায়ুপামসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে বহু ডাঙৰ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয়।
  • বায়ুপামসমূহ ব্যয়বহুল। 
  • বায়ুশক্তি বায়ু প্ৰৱাহৰ প্ৰৱলতাৰ ওপৰত নিৰ্ভৰ কৰে।

(b) তৰংগ শক্তি উৎপাদনৰ সীমাৱদ্ধতা 一

  • এই শক্তি সম্পূর্ণ ৰূপে সাগৰ বা মহাসাগৰ ঢৌৰ ওপৰত নিৰ্ভৰশীল। 
  • ই অতি ব্যয়বহুল।
  • ইয়াৰ সহায়ত আহৰণ কৰিব পৰা শক্তিৰ  পৰিমাণ অতি নগন্য।

(c) জোৱাৰৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ’ল যে 

  • এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা সমুদ্ৰতীৰত সুবিধাজনক স্থানৰ অভাৱ।
  • এই শক্তি সম্পূর্ণ ৰূপে সাগৰৰ জোৱাৰ-ভাটাৰৰ  ওপৰত নিৰ্ভৰশীল। 
  • ই অতি ব্যয়বহুল।
  • ইয়াৰ সহায়ত আহৰণ কৰিব পৰা শক্তিৰ  পৰিমাণ অতি নগন্য।

7. কি আধাৰত শক্তিৰ উৎসসমূহ 

(a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য             (b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু 

বুলি শ্রেণীভুক্ত কৰিবা? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে

উত্তৰঃ- (a) আৰু (b)ত উল্লেখ কৰা বাছন একেই। নৱীকৰণযোগ্য আৰু অক্ষষিষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ ফলত শেষ হৈ গ’লেও ইয়াক পুনৰ উদ্ধাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে:- সৌৰশক্তি।

অনৱীকৰণযোগ্য আৰু ক্ষষিষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰাৰ পিছত পুনৰুদ্ধাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে:- জীৱাশ্ম ইন্ধন।

৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি? 

উত্তৰঃ- আদর্শশক্তি উৎসৰ বাবে কিছুমান গুণৰ প্ৰয়োজন। গুণসমূহ হ’ল 一

  • ই প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে বেছি পৰিমাণৰ কাৰ্য কৰিব লাগিব।
  • ই সহজলভ্য হ’ব লাগিব।
  • ই সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগিব।
  • ই মিতব্যয়ী হ’ব লাগিব। 

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? 

উত্তৰঃ- সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’ল一

(i)ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে। 

(ii) ই সুলভ আৰু বহণ কৰা সুবিধাজনক।

        সৌৰ চুলা ব্যৱহাৰৰ অসুবিধাসমূহ হ’ল一

(i) ই ৰন্ধনৰ বাবে বেছি সময়ৰ প্ৰয়োজন।

(ii) যিহেতু সৌৰ চুলা সৌৰ শক্তিৰ দ্বাৰা চলে, সেয়ে ই ডাৱৰীয়া বা বৰষুণৰ দিনত কাৰ্যক্ষম নহয়।

হয়, সৌৰ চুলাৰ প্ৰয়োগ সেইবিলাক স্থানত সীমিত হ’ব য’ত সৌৰশক্তি পৰ্যাপ্ত পৰিমাণে পোৱা নাযায়। 

10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা?

উত্তৰঃ- পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱসমূহ হ’ল 一

(i) আমি অতি উচ্চ হাৰত পৰিৱেশৰ পৰা শক্তিৰ উৎসসমূহ আহৰণ কৰাৰ ফলত, পৰিৱেশৰ সমতা বিনষ্ট হৈছে।

(ii) শক্তিৰ চাহিদা বৃদ্ধিৰ ফলত দ্ৰুত হাৰত পৰিৱেশ প্ৰদূষিত হৈছে।

শক্তিৰ ব্যয় হ্ৰাস কৰিব বাবে 一

        শক্তিৰ অপব্যৱহাৰৰ বাবে শক্তিৰ চাহিদা বৃদ্ধি হৈছে। সেয়ে প্ৰতিজন ব্যক্তিয়ে শিক্ষিত, সচেতন আৰু সজাগ হোৱাটো দৰকাৰ। যাতে শক্তিৰ অপচয় নহয় আৰু অপব্যৱহাৰৰ নহয়। 

Additional Question Answers of Sources of Energy Class 10 Science

Q.1. তাপভিত্তিক শক্তি প্ৰকল্প কি? 

উত্তৰঃ- যি প্ৰকল্পত ইন্ধন পুৰি পোনতে তাপ শক্তি উৎপন্ন কৰি  পিছলৈ তাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়, তাক তাপভিত্তিক শক্তি প্ৰকল্প বোলে। 

Q.2. ভাৰতবৰ্ষৰ মুঠ শক্তিৰ চাহিদাৰ কিমান সংখ্যক জল প্ৰকল্পই পূৰণ কৰে? 

উত্তৰঃ-  এক চতুর্থাংশ। 

Q.3. জল শক্তি নবীকৰণযোগ্য নে অনবীকৰণযোগ্য উৎস?

উত্তৰঃ- নবীকৰণযোগ্য । 

Q.4. জল বিদ্যুৎ প্রকল্প কি?

 উত্তৰঃ- জলবিদ্যুৎ প্রকল্পবোৰ হ’ল কিছুমান বিদ্যুৎ উৎপাদন প্রকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তিক গতি শক্তিলৈ ৰূপান্তৰিত কৰি  বিদ্যুৎ উৎপাদন কৰা হয়। 

Q.5. ক্ষয়িষ্ণু উৎস বা অনবীকৰণযোগ্য উৎস কাক বোলে? 

উত্তৰঃ– যিবোৰ উৎস এটা সময়ত নিঃশেষ হৈ যাব তেনেবোৰ উৎসক ক্ষয়িষ্ণু উৎস বা অনবীকৰণযোগ্য উৎস বোলে। 

Q.6. অক্ষয়িষ্ণু উৎস বা নবীকৰণযোগ্য উৎস কাক বোলে?

উত্তৰঃ- শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ সেইবোৰ উৎসক শক্তিৰ অক্ষয়িষ্ণু উৎস বা নবীকৰণযোগ্য উৎস বোলে। 

Q.7. CNG ৰ সম্পূর্ণ অৰ্থ কি? 

উত্তৰঃ-  Compressed Natural Gas. 

Q.8. LPG ৰ সম্পূর্ণ অৰ্থ কি? 

উত্তৰঃ- Liquefied Petroleum Gas. 

Q.9. E=mc² সমীকৰণ ৰ জনক কোন? 

উত্তৰঃ- এলবাৰ্ট আইনষ্টাইন (Albert Einstein ) (1905 চনত) । 

Q.10.  1eV  মানে কিমান জুল? 

উত্তৰঃ- 1eV = 1.602×10^-19 জুল। 

Q.11. বতাহৰ দেশ কাক কোৱা হয়? 

উত্তৰঃ-  ‘ডেনমার্ক’ ক বতাহৰ দেশ বুলি কোৱা হয়। 

Q.12. জৈৱ গেছত সকলোতকৈ বেছি পৰিমাণে থকা গেছ কোনবিধ? 

উত্তৰঃ- মিথেন। (75% ) 

Q.13. শক্তিৰ সৃষ্টি বা বিনাশ হ’ব পাৰেনে? 

উত্তৰঃ- শক্তিৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে। ইয়াক কেৱল এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ ৰূপান্তৰিত কৰিব পাৰি। 

Q.14. বায়ুকল সাজিবলৈ বতাহৰ বেগ অতি কমেও কিমান হোৱা উচিত? 

উত্তৰঃ- 15কিঃমিঃ প্ৰতি ঘন্টাত।

Q.15.  বতাহ শক্তি উৎপাদনত ভাৰতৰ স্থান কিমান? 

উত্তৰঃ- পঞ্চম। 

Q.15.  বতাহ শক্তি উৎপাদনত কোন দেশৰ স্থান প্ৰথম? 

উত্তৰঃ- জাৰ্মানী

Q.15.  সৌৰকোষৰ প্ৰস্তুত কৰণত কোনবিধ ধাতু ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ- ছিলিকন। 

HSLC -2025  পৰীক্ষাৰ বাবে Class 10 Science Chapter 14 “শক্তিৰ উৎসসমূহ ॥ Sources of Energy” ৰ সমস্ত প্রশ্নোত্তৰ অসমীয়া মাধ্যমেৰে ASSEB (পূৰ্বৰ SEBA) বোর্ডৰ অন্তৰ্গত। এইখিনি পাঠ্যক্ৰমৰ NCERT-আধাৰিত সমাধান সহায় কৰিব তোমালোকৰ পৰীক্ষাত সাফল্য পাবলৈ। দশম শ্ৰেণীৰ বিজ্ঞানৰ শক্তিৰ উৎসসমূহ ॥ Sources of Energy Class 10 question answers সহজ ভাষাত উপলব্ধ।

আমাৰ ‘Vikash Centre’ ত HSLC Class 10 Science Chapter 14 Sources of Energy Assamese medium ৰ সকলো প্ৰশ্ন-উত্তৰসমূহ উপলব্ধ। ইয়াতো পাব science class 10 Assamese medium চিত্ৰ সহ বিশ্লেষণমূলক উত্তৰসমূহ, যি আপোনাৰ **HSLC পৰীক্ষা**ত সহায় কৰিব। অধিক Class 10 Science Assamese medium শিক্ষণ সামগ্ৰীৰ বাবে আমাৰ পেজটো নিয়মিত চাওক আৰু আপডেট পাবলৈ আমাৰ লগত থাকক।। 

~~~~~~~~~~The End~~~~~~~~~~

Related Post –  10 years Tenses for 12th class

Unique Things

I'm Ocibul Oc. The founder of Unique Things website. I share my experience with related to travel, places, unique tips and tricks and my experience in multilingual English and Assamese mainly.

Leave a Comment

Back to top button