Welcome to our “Unique Things By Ocibul Oc” website! This article is a delightful journey into brand-new Assamese poems contributed by our talented creators. And two amazing Assamese flash fiction (Anu Golpo). If you’re searching for new Assamese poems or Flash fiction (anu golpo) in Assamese then welcome to this post.
Let’s dive right in and enjoy these beautiful verses without any delay.
আজিৰ কবিতা (Assamese Poem) বোৰ ক্ৰমে-
- মন গ’লেই by Nikhar_Junak
- আকৌ লগ পাম –by Nikhar_Junak
- মন যায় –by Nikhar_Junak
- তুমি কোন – by Bhaskar
আজিৰ অনুগল্পসমুহ হ’ল–
- এওঁৰ দোষ কি?
- মই ধর্ষিতা
by Nikhar_Junak)
- মন গ’লেই – A New Assamese Poem
মন গ’লেই জুমি চাওঁ
এই ব্যস্ততাৰ জগতলৈ,
হয়তো তোমাক লগ পাম বুলি
বাৰে বাৰে ৰৈ চাওঁ
তুমি অহা বাটলৈ….।
মন গ’লেই সাৱটি ধৰো
ক্লান্ত শিতানৰ গাৰুটিক,
হয়তো তোমাৰ উমান পাওঁ…..
নহ’লে কোনে সৰল কৰিব
এই দিশভ্ৰান্ত নিদ্ৰাৰ গতিটিক……।
কেতিয়াবা গুচি যাওঁ
আবিৰৰ ৰঙীন দেশত,
মনত হয় তুমি যেন
এজাক স্বচ্ছল বৰষুণ……
লুকাই আছা ক’লা ডাৱৰৰ আৰঁত…..।
মন গ’লেই উভতি যাওঁ
মোৰ সপোনৰ চহৰলৈ,
য’ত সকলো ব্যস্ততা এৰি
মই আৰু তুমি বিলীন হওঁ
এক নিস্তব্ধ জগতলৈ…. ।।
- আকৌ লগ পাম- A New Assamese Poem

নালাগে তুমি আৰু বুজিব
মোৰ নিস্তব্ধ ভাৱনাক….
একাষৰীয়া হৈয়ে থাকিব দিয়া….
তোমাৰ অনুভৱৰ প্ৰতিটো ক্ষণত
এতিয়া ময়ে বাধাস্বৰূপ…..
থাকিব দিয়া মোক মোৰ দৰে
এতিয়া তুমিহীনেও মই শান্তি…..
বিষাদৰ চাদৰখনেও আজি কৈ যায়
তোমাৰ ছলনাময়ী অভিনয়ৰ কথা….
তথাপিও নাই মোৰ কোনো অভিযোগ ….
মাথো তুমি সুখী হোৱা বাটেৰে যাব দিছো
কিন্তু এয়া বিদায় বুলিও নকওঁ…
হয়তো… আকৌ লগ পাম
এক নতুন বাটেৰে…..
এক নতুন জীৱনৰ অৱকাশ হৈ….!
- মন যায় – A new Assamese Poem

অভিমানে আচোৰা
তোমাৰ সৌ সেন্দুৰীয়া দুগালত
মন যায়
ৰামধেনুৰ সাতোৰং সানিবলৈ …।
মন যায় তোমাৰ সৌ
মৌসনা ৰ’দালি ওঁঠদুটিত
নিয়ৰে সৰকা
সোণোৱালী ছবি আঁকিবলৈ …।
মন যায় এই মতলীয়া বতাহত
এই কুসুমীয়া যৌৱনৰ মথাউৰি ভাঙি
বানৰ সৃষ্টি কৰিবলৈ… ।
✍️✍️✍️✍️ ৰচক : অজেদ
assamese Poem by Unique Things
- তুমি কোন ? – A New Assamese poem
———-

কোন তুমি বিশাল সাগৰৰ তলি
ভালপোৱা কি তুমি নাজানা ,
তোমাৰ মনতো বিচাৰো
শব্দ নৌকা চলাবলৈ ;
কিন্তু তোমাৰ ভাবনাত
নৈসৰ্গিক মাদতকতা ,
পংক সদৃশ ।
বুজি পাইও অবুজন মই ,
তোমাক বুজাও কেনেদৰে ,
মানৱতাবিহীন যে পশু ।
তুমি নো কোন ?
এতিয়াও আক্ষেপ জীৱনত
তোমাৰ পান্থ মই ।
পাৰিজাত ফুলৰ দৰে
তুমি ফুলা প্ৰণয়ত ।
অনুভৱবোৰ বিয়পাই দিয়া
কৃষ্ণচূড়াত বিলীন কৰা
বননিদৰাৰ মাজত ।
বনস্পতি হৈ তোমাৰ চৌদিশে
সেউজীয়া বাষ্প হৈ ফুৰিম ।
তথাপিও মনত এক
উত্তাল প্ৰশ্ন
তুমি নো কোন?
✍️✍️✍️✍️- ৰচক : ভাস্কৰ ৰাজ
Recommedend books
- Karagar


অসমীয়া অনুগল্প ( Assamese Flash fiction)
Flash fiction is a very short story. Here we explore two new flash fiction. Hope you love these-
- এওঁৰ দোষ কি – A new Assamese Flash fiction (very short story) – অনুগল্প

অইন দিনা ৰাতি হ’লেও আজি সন্ধিয়া পৰতেই দোকানখন সামৰি ঘৰলৈ বুলি সাজো হ’লো, কিয়নো ডাৱৰীয়া বতৰ, ইফালে ছাতিটোও ঘৰতে এৰি আহিছো; গতিকে বৰষুণ অহাৰ আগতে ঘৰ গৈ পাবই লাগিব। সেয়ে লৰালৰিকৈ বস্তুখিনি চাইকেলত তুলি লৈ গৈ থাকিলো। আকাশত ক’লা ডাৱৰৰ আৱিৰ্ভাব, ইফালে বলীয়া বতাহৰ ৰণ, যিমান পাৰো জোৰকৈ পেডেল মাৰিলো; লাহে লাহে কজঁলা এন্ধাৰে চোঁচা মাৰি খেদি আহিলে, মাতাল মেঘৰ গজৰণি আৰম্ভ হ’ল, বিজুলীৰ পোহৰে চকুত চাট মাৰি ধৰিছে, মোবাইলৰ টর্চ লাইটটো জ্বলাই লাহে লাহে আগবাঢ়ি গৈ থাকিলো। হঠাৎ ক’ৰবাৰ পৰা ভাহি আহিল এটি শিশুৰ কান্দোনৰ ৰোল, অলপ আগুৱালো আৰু বেছিকৈ কান্দোনৰ শব্দ পালো, লগে লগেই চাইকেলৰ পৰা নামিলো আৰু শব্দটি কʼৰ পৰা আহিছে মন দিলোঁ, ইফালে বতৰৰ কালৰূপ ধাৰণ, বৰষুণ দিও দিও অৱস্থা; কিছু খোজ আগ বঢ়াৰৰ লগে লগে এক নেদেখা-নভৱা দৃশ্যৰ সাক্ষী হ’লো, এটি নৱজাত শিশুক পথাৰৰ দাঁতিত কোনোবাই পেলাই থৈ গৈছে, শিশুটিৰ কান্দোনত ৰৈ থাকিব নোৱাৰিলো, লগে লগে শিশুটিক কোলাত উঠালো, চাওঁ যে পৰুৱাৰ কামোৰত শিশুটি তেজে ৰাঙলী হৈ আছে, খামুচি ধৰা পৰুৱাক গুচাই তেজখিনি মুচি দিলো; ওচৰে-পাজৰে মানুহ এঘৰো নাই, কাক মাত দিওঁ, কি কৰোঁ….. এক অবিশ্বাস্য হৃদয় বিদাৰক ঘটনাক লৈ মাথো চকু টুকিলো। নৱজাত শিশুটি এটি কন্যাসন্তান, দুহাতত তুলি মাথো কবলৈ ধৰিলো…. মাজনী তোমাৰ পৰিচয় কি মই একোৱেই নাজানো, হ’ব পাৰা তুমি কোনোবা দুঃৰ্ভগীয়া মাতৃৰ উপায়বিহীন পৰিস্থিতিৰ বলী, য’ত তোমাৰ পৰিয়ালে তোমাক গ্ৰহণ কৰা নাই, হ’ব পাৰা তুমি কোনোবা নৰপিশাচৰ অশ্লীলতাৰ চিকাৰ, কিন্তু তোমাৰ কি দোষ? হেৰৌ মানৱ সমাজ, এয়া তোৰ কি পৰিচয়; এটি নিষ্পাপ, নৱজাত শিশুৰ প্ৰতিও অলপ দয়া-মৰম নাইনে? আজিৰ ভদ্র সমাজত বহুতো ভদ্র লোকে বাস কৰে যাৰ অম্লীলতাই, নীচ মানসিকতাই একো একোজনৰ জীৱনত এন্ধাৰ নমায়। নাই নাই…. আই, তই মোৰ সন্তান, ব’ল তোৰ দেউতাৰাৰ ঘৰলৈ, এইবুলি কৈ শিশুটিক পিঠিত বান্ধি লৈ ঘৰলৈ বুলি উভতিলো…।।
- মই ধর্ষিতা – A new Assamese Flash fiction

“মুখা পিন্ধা ভদ্র সমাজত আমি বজাৰত বিক্রি হোৱা পণ্য, ইচ্ছা হ’লেই উপভোগ কৰিব পাৰো….. মই ধর্ষিতা, হয় মোৰ পৰিচয় এতিয়া এয়াই, সকলোৰে দৰে মোৰো এটা নাম আছিল, কিন্তু সেই পুৰণি নামেৰে এতিয়া কোনেও চিনি নাপায়; বাটে-পথে দেখিলে সকলোৱে ঘূৰি ঘূৰি চায়…. কিয়নো সমাজে মোক ধর্ষিতা নাম দিছে। সেই নিজান ৰাতিৰ আর্তনাদত ক’ত আছিল সমাজ…. মোক জ্ঞানহীন কৰি নগ্ন কৰা হৈছিল আৰু মোকে নাম দিলে নষ্টাল বুলি, আৰু মোকে ওৰণিৰ তলত মুখ লুকাই থাকিব দিলে। অশ্লীলতাৰ ঘ্রাণ কঢ়িওৱা সেই মানৱৰূপী নৰপিশাচজনে আজিচোন এই মুক্ত আকাশৰ তলত ৰংমনে ঘূৰি ফুৰিছে, কিয়নো নগ্ন মই হে হৈছিলো, তেওঁৰ বাবে এয়া সাধাৰণ কথা; তেওঁ হ’ল ভদ্র সমাজৰ সভ্য পুৰুষ। হয়তো শুনিবলৈ বেয়া লাগিব, তথাপিও এই সমাজক মই সুধিছো….. সেই ৰাতি অকল ময়েই উলংগ হৈছিলো নেকি, তেওঁ হোৱা নাছিল? অকল মোৰ যে সন্মান গ’ল, অকল ময়েই যে ধর্ষিতা নাম পালো……কিয়? বাতৰিৰ ফ্রন্ট পেজত ধর্ষিতাৰ নাম-ছবি ছপা হয়, কিন্তু নর্মদাৰ কীট সেই ধৰ্ষণকাৰীৰ আৰ্তনাক কিয় হাইলাইট কৰা নহয়? কিয় তেওঁ সমাজত দুঃচৰিত্ৰৰ নাম নাপায়? মোৰ দোষ কি আছিল বাৰু…. মই যে সকলোতে লাঞ্চিত-বঞ্চিত হ’লো? “আমি নাৰী হয়, কাৰোবাৰ উপভোগৰ সামগ্ৰী নহয় অ’ ভদ্র সমাজ”।
_____সমাপ্ত।।।
Reccomended Book
2. Nayantora (নয়নতৰা)


Recommended Posts-
বন্ধু সকল, আমাৰ আজিৰ কবিতাবোৰৰ ভিতৰত প্ৰথম তিনিটা কবিতা “মন গ’লেই” , “আকৌ লগ পাম” আৰু “মন যায়” আৰু দুয়োটা অনুগল্প- আগবঢ়াইছে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতক চতুর্থ ষান্মাসিকত পঢ়ি থকা ছাত্র অজেদয়ে (@nikhar_junak), আৰু “তুমি কোন” কবিতাটো আগবঢ়াইছে নলবাৰী কলেজৰ স্নাতক প্ৰথম ষান্মাসিকত পঢ়ি থকা ছাত্ৰ ভাস্কৰ ৰাজবংশীয়ে । তোমালোকলৈ অশেষ ধন্যবাদ জনালোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
আপোনালোকলৈও অশেষ ধন্যবাদ, আমাৰ এই দিজিটেল পৃষ্ঠাত ইমান সময় দিয়াৰ বাবে, ওপৰৰ কবিতাবোৰ আৰু অনুগল্পবোৰ যদি আপোনালোকে ভাল পাইছে, তেনেহ’লে কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিব।
।।।ধন্যবাদ।।।
বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।
Share your poems with us,
Gmail- Unique Things
Our Instagram – Uniquethingsofficial01
Telegram channel- UniqueThingsOfficial
These all are from our side, now your turn, please leave your valuable comment here & your opinion on all our poems. Thank you.
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.




188be is where I make my bets, man. Good odds, easy to navigate, and they pay out quick, no messing about. Put your money where your mouth is at 188be!
Yo, if you’re into betting, check out 188betbetting88. Good selection of sports and eSports. Solid odds too. I’ve had some success there. Check it out: 188betbetting88.
Yo, jili golden empire is next level stuff. Playing it all the time! Fun and addicting! See for yourself: jili golden empire
Is 999PHLcomlegit for real? Well, I’ve had okay experience with it. Give it a go if you’re curious too! 999phlcomlegit