5 টা অসমীয়া কবিতালৈ স্বাগতম – Assamese Poem

Assamese poem । অসমীয়া কবিতা ॥

Sharing is caring!

আৱেগ আৰু চিন্তাৰ সুৰত শব্দই নাচি থকা পৃথিৱীলৈ আপোনাক স্বাগতম, পদ্যৰ ছন্দত সান্ত্বনা পাৱক। এই সংকলনত আমি প্ৰেম, আকাংক্ষা, নষ্টালজিয়া, স্থিতিস্থাপকতাৰ কাহিনী বোৱা পাঁচটা মনোমোহা অসমীয়া কবিতা আপোনালৈ আগবঢ়াইছো।

প্ৰতিটো কবিতা এক যাত্ৰা, অসমীয়া সাহিত্যৰ মানৱ অভিজ্ঞতাৰ গভীৰতা অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। অসমৰ ৰসাল ভূ-প্ৰকৃতিৰ পৰা আৰম্ভ কৰি হৃদয়ৰ কৰিড’ৰলৈকে এই শ্লোকবোৰে তাৰ অসংখ্য ৰঙেৰে জীৱনৰ সাৰমৰ্মৰ লগত অনুৰণন ঘটায়।

অসমীয়া কবিতাৰ চহকী পোস্টত ডুব গৈ মানৱীয় মনোভাৱৰ প্ৰতি প্ৰেম, আবেগ, আৰু শ্ৰদ্ধাৰে গঢ় লৈ উঠা শব্দৰ কালজয়ী মনোমোহাতাত নিজকে বিলীন কৰক।

আজিৰ Assamese poem কবিতাবোৰৰ শিৰোনামা- 

১। কবিতাৰ জগতলৈ ২। সৈনিক  ৩। মৰম – অসমীয়া কবিতা – new Assamese poem  ৪। মানৱতাৰ সমাজ  সোনৰ অসম  ৫। কিয় আহিছিলা?

১। কবিতাৰ জগতলৈ – An Assamese Poem Love

✍️✍️ Ajed একা Nikhar Junak

হয়তো নাজানো শব্দবোৰ কিমান

গভীৰ হ’লে কবিতা হয়,

 নাজানো বাক্যৰ আলিংগন কিমান

মধুৰ হ’লে কবিতা হয়.. 

তথাপিও আৱেগে ভৰা কলমৰ 

প্রতিটো সাঁচত প্রতিস্ফুট হোৱা 

শব্দৰ গাঁথনি মূল্যহীন নহয়। 

হয় জীৱনৰ ইপ্সিত আকাংক্ষাবোৰ 

কবিতাতেই সীমাবদ্ধ, 

লিপিবদ্ধ কৰা প্ৰতিটো পৃষ্ঠাই মোৰ সাৰথি, 

তথাপিও কবিতাৰ মাজত নিজক হেৰুৱাৰ 

অজুহাতবোৰ মোৰ শেষ নহয়…। 

সত্য আৰু সুন্দৰৰ নীৰৱ সাধনাৰে 

জীৱনৰ দস্তাবেজত সংগোপনে লিখা 

মোৰ এই জীয়া কবিতাবোৰে 

নিজস্বতাক জিনিলেও 

মোৰ ৰিক্ত হৃদয়ত সদায় বৈ ৰয় 

অচীন শব্দৰ মাতাল অনুৰাগ! 

অথচ নহয় মই কবি, 

মাথো কবিতাৰ আজন্ম প্রেমিক 

আৰু প্ৰেমাৱেশী কিছু আৱেগে 

বাৰে বাৰে লৈ যায় কবিতাৰ জগতলৈ

অলেখ কবিতা ৰচিবলৈ…।

Recommended Post-  আমাৰ আন অসমীয়া কবিতাবোৰ – Assamese poem

২। সৈনিক – A Assamese Poem on Army

                     সৈনিক

                                            -Pranami Das

জীৱন মৰণৰ দুৱাৰত

ওঁঠত হাহি লৈ

নিজৰ দেশ মাতৃৰ কাৰণে 

নিজকে বলিদান দিয়া

সেই সকল বাৰু কোন?

তুমি জানানে? নে নাজানা

নাজানা যদিও নিজে

নজনাকৈয়ে তেওঁলোকক

অলপ শ্রদ্ধা, সম্মান

আমি দিন নোৱাৰোনে

যি সকলে নিজকে দেশমাতৃৰ

চৰণত অর্পণ কৰিছে

তেওঁলোকক আমি আমাৰ মাজৰ পৰা

অলপ ….. 

কিমান যে ত্যাগী সেই সকল

আমি কল্পনা কৰিব নোৱাৰো

কিন্তু তাতোকৈ ত্যাগী

তেওঁলোকৰ পাৰিয়াল।

কিমান কষ্টৰে আমাক

আমাৰ দেশ মাতৃক ….. 

তেওঁলোকৰ ওচৰত বহুত ঋণী 

কিন্তু তাতোকৈ ঋণী

 তেওঁলোকৰ………. 

In this Assamese poem, we delve deep into the world of these modern-day heroes, exploring their indomitable courage, rigorous training, and the profound impact they have on the societies they protect. They sacrifice and are dedicated to a cause greater than oneself. The poem is on behalf of respect for the army. We all love you Indian Army.

Recommend post – আমাৰ ব্লগ সমূহ – পঢ়ক 

Thank you for reading the poem, Special thanks to Poet Pranami Das for writing such a poem. If you also want to publish any poem or story, then send information through the contact us and please comment below about the poem, Thank you. 

৩। মৰম – অসমীয়া কবিতা – new Assamese poem

 মৰম  

✍️✍️ Manash Haloi /মানস হালৈ 

তুমি সুখী হোৱাৰ জোখাৰে 

কিছু মৰম দিছিলো, 

তুমি দেখোন তাতেই সন্তুষ্ট নহয় । 

কিনো কৰিম যদি সময়ে নষ্ট 

কৰে আমাৰ মনবোৰ , 

কিনো কৰিম যদি আমাৰ 

প্ৰেমবোৰ ভাঙি যায় কিছুমান 

সৰু সৰু কথাতে , 

কিনো কৰিম তেতিয়া ? 

মই দিয়া মৰমবোৰ যেতিয়া 

মূল্যহীন হৈ পৰে, 

ভাঙি পৰে হৃদয় । 

ক্ৰমে উশাহবোৰ কমি আহিব এদিন 

অজানিতে মনত পেলাবা

এবাৰ মোক, 

মোক মই বুলি জানি উঠিবা 

প্রেম আকৌ উজ্জ্বলিব 

তোমাৰ হৃদয়ত ;

তেতিয়া মই মোৰ হৃদয়খন 

কোনোবা অচিনাকী মলয়া 

এজনীৰ হাতত হয়তো বন্ধকত থম । 

এদিন নহয় এদিন

তোমাৰ কলিজা কঁপিব ;

এদিন নহয় এদিন

মৰমবোৰে কান্দিব।। 

Read :Best Picnic Spots of Lower Assam

৪। মানৱতাৰ সমাজ  সোনৰ অসম – Assamese poem

মানৱতাৰ সমাজ  সোনৰ অসম 

✍️✍️ – Bhaskar Raj

কবিতাৰ মাজেৰে বোৱাম মানবতাৰ গান ,

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে  সকলোৱে আগুৱাম 

জাতি মাটি ভাষাৰ বাবে ৰক্ত দিম প্ৰাণ দিম 

আকৌ ৰূপতত্ত্ব কৰিম সোণৰ অসম ।

ভণ্ড সমাজক নাশ কৰি 

মিত্ৰৰ বসন পিন্ধিম 

অসমৰ এনাজৰীৰ ৰণাংগন 

এতিয়া সাহিত্যৰ সংগ্ৰহালয়ত বিয়পাম ।

বজাৰৰ আমোদ বেশ্যাজীৱনৰ কৌতুহলত 

গ্ৰন্থৰ সুৱাস আনিম ,

পবিত্ৰতা কৰিম মাতৃভূমিক 

সৃষ্টি‌ কৰিম শ্লীল সমাজ ।

             —  ভাস্কৰ✍🏼🌺

Read :Best Picnic spots of upper Assam

৫। কিয় আহিছিলা?

✍️✍️ Nikhar Junak

নাজানো কিমান মায়াবী তুমি

নাজানো কিহৰ সৃষ্টি তুমি,

মাথো তোমাৰ মায়াত আসক্ত হৈ

মই নিজে নিজক পাহৰিছো।

কিমান যে সপোন গঢি়ছিলো মই

তোমাৰ অজানিতে,

কিন্তু সােনবোৰে যে

এনেকৈ বাট ভেটি ৰাখিব।

কেতিয়াও ভবা নাছিলো।

ভাবিছিলো তোমাৰ হাতে হাত ধৰি

ৰঙীন পৃথিৱীখন ঘূৰি ছাম

কিন্তু নাই নহ’ল,

সপোনবোৰ সপোন হৈয়ে থাকিব।

কিয়নো আমাৰ মাজত আছে

সমাজৰ ব্যৱধান।

তোমাৰ এই আলহুৱা পৰসত

জীপাল কৰিব বিচাৰিছিলো।

মোৰ এই সিক্ত জীৱন,

কিন্তু নাই, সেয়া কত হব?

সমাজে, মানুহে বা ভেটি ধৰিব।

কিয়নো আহিলা মোৰ জীৱনলৈ

আশাৰ বাতি জ্বলাবলৈ,

নিদিবা অ’ ইমান মৰম

মোৰ সহ্য নহ’ব।।

কিয়নো আহিলা তুমি

চাগে তোমাৰ উজ্বলতা ধৰি ৰখাটো

সেযে় ভগৱানে নিদিলে মোলৈ।

আকাশী জগতৰ উল্কা হৈ,

মোৰ বাবে সম্ভৱ নহয়

এই জনমত নহলা যদিও

প্ৰাৰ্থনা কৰো সেই জনমত

নাজানো কি উত্তৰ দিবা,

যাতে পুনৰ জনম লোৱা,

যেন নাথাকে একো

ভেদ-ভাৱ আৰু সামাজিক ব্যৱধানতা।

নাজানো কি ভাৱিবা তুমি

মাথো মোৰ প্ৰশ্ন এটাই

কিয় আহিছিলা তুমি?

অসমীয়া কবিতা ॥ Assamese poem

Read :Top Places of Guwahati That You Need to Visit

মতামত:

বন্ধু সকল, আমাৰ আজিৰ কবিতাবোৰৰ ভিতৰত প্ৰথম আৰু শেষৰ কবিতা দুটা  “কবিতাৰ জগতলৈ” আৰু  “কি আহিছিলা?” আগবঢ়াইছে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতক চতুর্থ ষান্মাসিকত পঢ়ি থকা ছাত্র অজেদয়ে (@nikhar_junak), আৰু “মানৱতাৰ সমাজ  সোনৰ অসম” কবিতাটো আগবঢ়াইছে নলবাৰী কলেজৰ স্নাতক প্ৰথম ষান্মাসিকত পঢ়ি থকা ছাত্ৰ ভাস্কৰ ৰাজবংশীয়ে । সৈনিক  সকলৰ ওপৰত লিখা সুন্দৰ কবিতাটো আগবঢ়ৱাইছে Pranami Das-এ। আৰু মৰম নামৰ কবিতাটো আগবঢ়ৱাইছে আমাৰ পঢ়োঁতা এজনে, যদি আপুনিও আপোনাৰ কবিতা, গল্পসমূহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচৰে প্ৰকাশ কৰিব পাৰিব। তাৰ বাবে আমাক মেইল কৰক- ocibuloc@gmail.com or hi@ocibuloc.com বা আমাৰ হোৱাইটএপ নং – +৯১ ৮৮২২৩৫২০৬০ । প্ৰতিজন লিখকক অশেষ ধন্যবাদ জনালোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

      আপোনালোকলৈও অশেষ ধন্যবাদ, আমাৰ এই ডিজিটেল পৃষ্ঠাত ইমান সময় দিয়াৰ বাবে, ওপৰৰ কবিতাবোৰ যদি আপোনালোকে ভাল পাইছে, তেনেহ’লে কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিব।

।।।ধন্যবাদ।।। 

বিদ্ৰঃ 

আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।

Share your poems with Us –

If you are interested to share your post with us you can share it, absolutely it’s free for all, and in future may be you you get awarded by Unique Things by Oc Website. 

Gmail- Unique Things 

Our Instagram – Uniquethingsofficial01

Telegram channel- UniqueThingsOfficial 

These all are from our side, now your turn, please leave your valuable comment here & your opinion on all our poems. Thank

Sharing is caring!

Leave a Comment

Scroll to Top