বংশগতি আৰু ক্ৰমবিকাশ Class 10 Question Answers -Chapter 9 -Science
Class 10 – Science || দশম শ্রেণী – বিজ্ঞান
বংশগতি আৰু ক্ৰমবিকাশ || Heredity and Evolution
Chapter 9 ! By Ocibul Oc
Get all the question answers for Class 10 Science Chapter 9. “Heredity and Evolution” / বংশগতি আৰু ক্ৰমবিকাশ in Assamese medium. HSLC exams under the ASSEB board (Assam State School Education Board)(formerly SEBA). Easily find and access the NCERT-based solutions for each chapter, helping you prepare well for your exams. দশম শ্ৰেণীৰ বিজ্ঞানৰ Chapter 9 (Bangkhogati aru Kramabikash) বংশগতি আৰু ক্ৰমবিকাশ class 10 question answers will guide you to successsuccess.
বংশগতি আৰু ক্ৰমবিকাশ Class 10 question answer – Science
মৰমৰ ছাত্র-ছাত্ৰীসকল, এইটো পোস্টত তোমালোকে প্ৰধানকৈ বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ NCERT-based solutions পাবা। যদি তোমালোকে বংশগতি আৰু ক্ৰমবিকাশ short question answer আৰু Heredity and Evolution বংশগতি আৰু ক্ৰমবিকাশ mcq বিচৰা কমেন্টত জনাব, নিশ্চয় দিবলৈ চেষ্টা কৰিম।
Join our Telegram Channel
পাঠভিত্তিক প্রশ্নোত্তৰ 1 – Heredity and Evolution
Q.1. যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ ‘A’ চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত ‘B’ চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?
উত্তৰঃ- বিশেষ লক্ষণ বা চাৰিত্রিক বৈশিষ্ট্য– B আগতীয়াকৈ উৎপত্তি হৈছিল, কাৰণ এই বৈশিষ্ট্যবোৰ অধিক ব্যক্তিৰ মাজত প্ৰকাশ ঘটিছে।
Q.2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীবই বৰ্তাই ৰাখে?
উত্তৰঃ- পৰিবেশৰ পৰিবৰ্তনে প্ৰকাৰণ জীৱকূলৰ বৈসাদৃশ্যতা বৰ্তাই ৰাখে।
Related Post – শক্তিৰ উৎসসমূহ
পাঠভিত্তিক প্রশ্নোত্তৰ 2 -Science class 10 – Heredity and evolution
Q.1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্রভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰঃ- মেণ্ডেলে এক সংকৰণ পৰীক্ষাৰ বাবে ওখ আৰু চাপৰ মটৰমাহৰ গছ লৈছিল। এটা বিশুদ্ধ ওখ মটৰমহৰ গছৰ (TT) সৈতে এটা বিশুদ্ধ চাপৰ মটৰমাহৰ (tt) গছৰ সংকৰণ হ’লে F1 অপত্য জনুত ওখ (Tt) সংকৰণ উৎপন্ন হয়। এইক্ষেত্ৰত T লক্ষণটো প্ৰভাৱী আৰু t লক্ষণটো অপ্ৰভাৱী।
Q.2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল?
উত্তৰঃ- যেতিয়া মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F₁ জনুত অকল ওখ মটৰমাহ পাইছিল । আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F2 জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল। এই পৰীক্ষাৰ পৰাই প্রমাণিত হয় যে বংশানুক্রমিকভাৱে প্ৰৱাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয়।
Q.3. ‘A’ গ্রুপৰ তেজৰ এজন মানুহে ‘O’ গ্রুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ’ল ‘O’। এই তথ্যৰ পৰা তোমালোকে ‘A’ আৰু ‘O’ তেজৰ গ্ৰুপৰ কোনটো প্রভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?
উত্তৰঃ- এই তথ্যখিনি যথেষ্ট নহয়। তেজৰ বংশগতিৰ ক্ষেত্ৰত, সদায় “A” প্ৰভাৱী আৰু “O” অপ্ৰভাৱী।
ইয়াত, পিতৃৰ তেজৰ গ্ৰুপ জিনীয়ভাৱে “AA” বা “AO” হ’ব পাৰে। আনহাতে, মাতৃৰ তেজৰ গ্ৰুপ “AO” বা “OO” হ’ব পাৰে। এগৰাকী ছোৱালী তেজৰ গ্ৰুপ “O” ৰ সৈতে জন্ম হ’বলৈ হ’লে, পিতৃ আৰু মাতৃ উভয়ৰ পৰা একোটাকৈ “O” ধৰণৰ জিন লাভ কৰিব লাগিব। এই ক্ষেত্ৰত পিতৃৰ বাবে “AO” তেজৰ গ্ৰুপ আৰু মাতৃৰ বাবে “OO” তেজৰ গ্ৰুপ হ’ব লাগিব।
Q.4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?
উত্তৰঃ- মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত। মানুহৰ ক্ষেত্ৰত স্ত্ৰী লিংগ XX যোৰ লিংগ ক্ৰম’জম আৰু পুং লিংগত XY যোৰ লিংগ ক্ৰম’জম আছে। ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে মাতৃৰ পৰা এডাল X ক্ৰম’জম লাভ কৰে। যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰম’জম লাভ কৰে, তেনেহ’লে শিশুটো ছোৱালী হ’ব আৰু Y ক্ৰম’জম লাভ কৰিলে শিশুটো ল’ৰা হ’ব।
{শিশুৰ লিঙ্গৰ বিষয়ে তলত দিয়া ধৰণে অনুমান কৰিব পাৰি –

ওপৰৰ চিত্ৰৰ পৰা দেখা যায় যে পুংশিশু লিঙ্গ আৰু স্ত্রী শিশু লিঙ্গৰ অনুপাত একেই অর্থাৎ 1:1.(নিদিলেও কথা নাই) }
পাঠভিত্তিক প্রশ্নোত্তৰ 3 – Heredity And Evolution
Q.1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাৱে বাঢ়ি যায়?
উত্তৰঃ- এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাৱে বাঢ়ি যোৱাৰ কাৰণ বোৰ হ’ল:
- প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত জনসংখ্যাৰ বৃদ্ধি ঘটিব পাৰে।
- জিনীয় পথচ্যুত (Genetic drift), যিয়ে অভিযোজন অবিহনেই জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে।
Q.2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?
উত্তৰঃ- জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্রমিক প্রবাহ নঘটে। ইয়াৰ কাৰণ সমুহ হ’ল-
- অপ্ৰজনন কলাত হোৱা কোনো পৰিৱৰ্তন জনন কোষৰ DNA লৈ স্থানান্তৰিত কৰিব পৰা নাযায়।
- পৰিবেশৰ পৰা অৰ্জন কৰা লক্ষণসমূহ D.N.A -এ বহন কৰিব নোৱাৰে ।
(নোট- উত্তৰাধিকাৰসূত্রে জীৱসমূহ সিহঁতৰ জীৱন-কালত আৰ্জিত লক্ষণসমূহ এটা জনুৰ পৰা আন এটা জনুলৈ গতি কৰে D.N.A. ত থকা নিজৰ আৰ্জিত লক্ষণৰ মাজেদি।)
Q.3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত হোৱাৰ বিষয় বুলি ভাবা?
উত্তৰঃ- বাঘৰ সংখ্যা হ্রাস পোৱাটো প্ৰজনন বিদ্যাত এক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। এনেদৰে বাঘৰ সংখ্যা হ্ৰাস পাই থাকিলে এটা সময়ত এই প্রজাতিৰ প্রাণীৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্রজাতিৰ প্ৰাণীৰ পৃথিবীৰ পৰা বিলুপ্তি ঘটিব।
পাঠভিত্তিক প্রশ্নোত্তৰ 4
Q.1. নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?
উত্তৰঃ- নতুন এটা প্ৰজাতিৰ সৃষ্টিত অহিৰণা যোগাব পৰা কাৰকসমূহ হ’ল-
- (১) প্রাকৃতিক নির্বাচন।
- (২) জিনীয় পথচ্যুত।
- (৩) অপ্রত্যাশিত জিনীয় পৰিৱৰ্তন।
- (৪) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন।
- (৫) প্ৰকাৰণ।
Q.2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ’ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰঃ- নোৱাৰে।
স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃ প্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে।
Q.3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ’ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰঃ- নোৱাৰে।
অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ, এই প্ৰক্ৰিয়াত দুটা (পুং লিংগ আৰু স্ত্ৰী লিংগ) স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে।
পাঠভিত্তিক প্রশ্নোত্তৰ 5 -Heredity and evolution
Q.1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰঃ- বিভিন্ন জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ অধ্যয়নে বিৱৰ্তনৰ সহায়ত সিঁহতৰ মাজত থকা ওচৰ সম্পৰ্ক নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে । বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত একেধৰণৰ চৰিত্ৰ কিছুমান পৰিলক্ষিত হয় কাৰণ ইহঁতৰ পিতৃ পুৰুষ একে।
উদাহৰণস্বৰূপে : স্তন্যপায়ীৰ চাৰিখন অংগপদ থাকে যিদৰে পক্ষী, সৰীসৃপ আৰু উভচৰ শ্ৰেণীৰ প্ৰাণীৰো চাৰিখন অগ্ৰপদ থাকে।
Q.2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?
উত্তৰঃ- পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ নহয়। কাৰণ, এই ডেউকাকেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ বেলেগ কিন্তু দুয়োবিধ ডেউকা একে ধৰণৰ কাৰ্য, উৰণত ব্যৱহাৰ কৰে কিন্তু দুয়োৰে উৎপত্তি ভিন্ন । এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যক সমবৃত্তিক চাৰিত্ৰিক বৈশিষ্ট্য বোলে।
Q.3. জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি কয়?
উত্তৰঃ- ভূ-পৃষ্ঠৰ গভীৰতাত কেতিয়াবা জীৱৰ দেহ বা দেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপঘটন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (fossil)বোলা হয়।
জীৱাশ্মবোৰ হ’ল অতীতৰ জীৱসমূহৰ অৱশিষ্ট। সিহঁতে বর্তমান পৃথিৱীত বিৰাজ কৰি থকা উদ্ভিদ আৰু প্ৰাণীবোৰৰ পূৰ্বপুৰুষৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও জীৱাশ্মবোৰে বর্তমান পৃথিৱীত জীয়াই থকা জীৱসমূহ যে ক্রমবিকাশৰ দ্বাৰাই উৎপক্তি হৈছে তাৰ প্রমাণ দিয়ে।
Or
জীৱাশ্মবােৰে বিৱর্তনৰ স্বাক্ষৰ/সাক্ষ্য বহন কৰে। জীৱাশ্মবােৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্রমবিকাশ অতি সহজে অনুমান কৰিব পাৰি। জীৱাশ্মৰ বয়স ডেচিং পদ্ধতিৰে নিৰূপণ কৰি পােৱা তথ্যই বিৱৰ্তনৰ সাক্ষ্য দাঙি ধৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ 6 – Heredity and evolution
Q.1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয়?
উত্তৰঃ- আদিম কালত জৈৱ বিবর্তনৰ ফলত ক্ৰমাৎ মানুহৰ সৃষ্টি হৈছিল আৰু আদিম মানুহৰও বিবর্তনৰ ফলত বহুতখিনি পৰিৱর্তন সাধন হৈ বৰ্তমান মানুহ সৃষ্টি হৈছে। মানুহৰ আকাৰ, আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন হলেও ইহঁতক একেটা প্রজাতিত অন্তর্ভূক্ত কৰা হয় কিয়নাে সকলাে মানুহে যৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰে আৰু সকলাে মানুহৰ জিনীয় সংগঠন একে।
Q.2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?
উত্তৰঃ- বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাকে উচ্চস্তৰৰ প্ৰজাতি বেক্টেৰিয়া বুলি আমি ক’ব পাৰো।
বেক্টেৰিয়াৰ গঠন সৰল হ’লেও ইহঁতে অতি উষ্ণতা অথবা অতি ঠাণ্ডা বা বৰফৰে আবৃত অঞ্চলতাে জীয়াই থাকিব পাৰে।
অনুশীলনীঃ বংশগতি আৰু ক্ৰমবিকাশ class 10 question answer
Q.1. মেণ্ডেলৰ পৰীক্ষামতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুণীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবােৰৰ ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটমাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বর্ণনা কৰিব পৰা হ’ব?
(a) TTWW (b) TTww (c) TtWW (d) TtWw
উত্তৰঃ- (c) TtWW
Q.2. সমসংস্থ অংগৰ এটা উদাহৰণ হল-
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ- (d) ওপৰৰ আটাইকেইটা।
Q.3. বিৱর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-
(a) এজন চীনা স্কুলীয়া ছাত্র (b) এটা চিম্পাজী (c) এটা মকৰা (d) এটা বেক্টেৰিয়া
উত্তৰঃ- (a) এজন চীনা স্কুলীয়া ছাত্র।
Q.4 এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছােৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণাে পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতলৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবানে? যদি পাৰি কিয় আৰু যদি নােৱাৰি কিয়?
উত্তৰঃ- এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰভাৱী নে অপ্ৰভাৱী সেইটো ক’ব নোৱাৰোঁ।
কাৰণ- চৰিত্ৰ এটা প্ৰভাবী নে অপ্ৰভাবী নিৰ্ণয় কৰিবলৈ অতি কমেও তিনিটা প্ৰজন্মৰ তথ্যৰ প্ৰয়োজন। কিন্তু ইয়াত দুটা চৰিত্ৰৰ বিষয়ে উল্লেখ আছে। সেয়েহে প্ৰদত্ত তথ্যৰ ভিত্তিত আমি মতামত দিব নোৱাৰো যে চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী।
Q.5. বিৱৰ্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযােগ হৈ আছে?
উত্তৰঃ- বিভিন্ন জীৱৰ শ্ৰেণীবিভাজনৰ অধ্যয়নে জীৱবিলাকৰ বিৱৰ্তন জনাত সহায় কৰে। একে চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱসমূহক এটা গ্ৰুপত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত একে গ্ৰুপত থকা জীৱসমূহৰ পূৰ্বপুৰুষ একে আছিল বুলি অনুমান কৰিব পাৰি। গতিকে জীৱসমূহৰ বিৱৰ্তন হোৱাৰ বাবেহে জীৱসমূহৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যতা নিৰূপণ কৰিব পৰা হৈছে যাৰ ফলত জীৱসমূহক কিছুমান শ্ৰেণীত ভাগ কৰিব পৰা হৈছে। যেনে, মানুহ আৰু চিম্পাঞ্জীক একেটা গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়ে বুজাই যে মানুহ আৰু চিম্পাঞ্জী ওচৰ সম্পৰ্কীয় আৰু ইহঁতৰ পূৰ্বপুৰুষ একে। এনেদৰে দেখা যায় যে বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে।
Q.6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ- সমসংস্থ অংগঃ যিবােৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্রায় একেই কিন্তু কার্যৰ ফালৰ পৰা বেলেগ তেনেবােৰ অংগকে সমসংস্থ অংগ বােলে।যেনে- মানুহৰ হাত আৰু বাদুলীৰ ডেউকা, চৰাইৰ ডেউকা আৰু ভেকুলীৰ আগ ঠেং।
সমবৃত্তি অংগঃ যিবােৰ অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কার্যৰ ফালৰ পৰা প্ৰায় একেই তেনেবিলাক অংগকে সমবৃত্তি অংগ বােলে। যেনে- বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা, পখিলাৰ পাখি, বাদুলিৰ ডেউকা।
Q.7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্রতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উত্তৰঃ- প্ৰভাৱী সূত্ৰমতে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সংযুক্ত দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত অৰ্থাৎ F1 জনুত পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্ৰকাশ পায়।
অৰ্থাৎ, এটা ক’লা ৰঙৰ কুকুৰৰ লগত বগা ৰঙৰ কুকুৰৰ প্ৰজনন ঘটালে যদি ক’লা কুকুৰ আদিপুৰুষ হয়, তেতিয়া ক’লা ৰঙৰ কুকুৰটো প্ৰভাৱী হয়।
Q.8. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰঃ- ভূ-পৃষ্ঠৰ গভীৰতাত কেতিয়াবা জীৱৰ দেহ বা দেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপঘটন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (fossil)বোলা হয়।
জীৱাশ্মবোৰ হ’ল অতীতৰ জীৱসমূহৰ অৱশিষ্ট।সিহঁতে বর্তমান পৃথিৱীত বিৰাজ কৰি থকা উদ্ভিদ আৰু প্ৰাণীবোৰৰ পূৰ্বপুৰুষৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও জীৱাশ্মবোৰে বর্তমান পৃথিৱীৰ জীয়াই থকা জীৱসমূহ যে বিৱৰ্তনৰ দ্বাৰাই উৎপক্তি হৈছে তাৰ প্রমাণ দিয়ে।
Q.9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?
উত্তৰঃ- জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলন মাথোন। আমি কোনো এক ওচৰৰ সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতিসমূহৰ সৰু সৰু গোট বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দূৰৰ সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু সৰু গোটসমূহক অন্তৰ্ভুক্ত কৰি কেইবাটাও ডাঙৰ ডাঙৰ গোট গঠন কৰো।
এনেদৰে অতীতৰ কথা ধাৰণা কৰি বুজি পাওঁ যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ জীৱসমূহৰ সৃষ্টি হৈছিল। এনেদৰেই জীৱৰ শ্ৰেণী বিভাজনৰ পদ্ধতিয়ে, অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱ-জগতৰ উৎপত্তি হৈছিল তাৰ সাক্ষ্য বহণ কৰে।
Q.10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে। কাৰণ যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। সেয়ে এনে দুজন ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্ৰণ ঘটে। এনেকৈ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়।
জীৱৰ বিৱৰ্তনত যৌন প্ৰজননে প্ৰভাৱ পেলায়। কাৰণ যৌন প্ৰজননে অপত্য জীৱত প্ৰকৰণৰ সৃষ্টি কৰে। বহুবছৰ ধৰি এই প্ৰকৰণ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় আৰু এসময়ত সিহঁত নতুন প্ৰজাতি হিচাপে আত্মপ্ৰকাশ কৰে।
Q.11. কেনেকৈ পিতৃ পুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্য জনুলৈ হস্তান্তৰ কৰে?
উত্তৰঃ- যৌন প্রজননত অপত্য জীৱত পিতৃ-মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অহিৰণা যোগায়। জিনবিলাক ক্র’ম’জ’ম হিচাপে স্বতন্ত্রভাৱে থাকে। প্ৰতিটো মানৱ দেহতে 46টা অৰ্থাৎ 23 যোৰকৈ ক্র’ম’জ’ম থাকে। ইয়াৰে 22 যোৰ সঠিকভাৱে যোৰা একেলগে থাকে আৰু অপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে । আনহাতে 23 নং ক্র’ম’জ’ম যোৰে অপত্যৰ লিংগ নিৰ্ধাৰণত সহায় কৰে। প্ৰত্যেক জনন কোষে অর্থাৎ পুংজনন কোষ আৰু স্ত্রীকোষে 23 ডালকৈ ক্ৰ’ম’জ’ম আহৰণ কৰে । শুক্রাণু আৰু ডিম্বাণু লগ লাগিলে অপত্যৰ ক্ৰ’ম’জ’মৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰতিবিধৰ ডি.এন.এৰ সুস্থিৰতা নিশ্চিত হয় । ইয়ে অপত্যলৈ পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান অৱদান সঞ্চাৰণ হোৱাটো নিশ্চিত কৰে ।

Q.12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে।’ এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয়?
উত্তৰঃ- এই উক্তিৰ সৈতে একমত।
কাৰণ, যিবিলাক প্ৰকৰণে কোনো এটা আবাদীৰ ব্যক্তিক বিবৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়ে, সেই প্ৰকৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। এনে প্ৰকৰণসমূহে ব্যক্তি বিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লোৱাত সহায় কৰে।
CONNECT WITH US
Extra Question- Heredity and Evolution -বংশগতি আৰু ক্ৰমবিকাশ class 10 question answer
Q.2. মানব দেহত কিমানযােৰ ক্ৰম’জ’ম থাকে?
উত্তৰঃ- 23 যােৰ।
Q.3. মেণ্ডেলে কি গছক সংকৰণ পৰীক্ষাৰ বাবে বাছি লৈছিল ?
উত্তৰঃ- মটৰ মাহৰ গছ।
Q.4. মেণ্ডেলে মটৰ মাহৰ গছক সংকৰণ পৰীক্ষাৰ বাবে বাছি লােৱাৰ কাৰণ কি ?
উত্তৰঃ- মেণ্ডেলে মটৰ মাহৰ গছ বাছি লােৱাৰ কাৰণসমূহ
(ক) মটৰ মাহৰ জীৱন কাল চুটি।
(খ) মটৰ মাহে স্ব-পৰাগযােগ কৰিব পাৰে।
(গ) মটৰ মাহৰ ফুলবােৰ আকাৰত ডাঙৰ।
Q.5. মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী?
উঃ মেণ্ডেলৰ পৰীক্ষাত বাৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ ওখ লক্ষণটো প্ৰভাৱী।
Q.6. বংশগতি কাক বােলে?
উঃ যি প্রক্রিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্য অপৰিৱর্তিতভাৱে পৰৱৰ্তী জনুলৈ সঞ্চালন হয় তার্ক বংশগতি বােলে।
Q.7. বংশগতিৰ পিতৃ বুলি কাক জনা যায়?
উঃ বংশগতিৰ পিতৃ বুলি গ্রেগ’ৰ জোহান মেণ্ডেলক কোৱা হয়।
Star mark Answers
⭐1. মেন্ডেলৰ অনুপাত 3ঃ1
⭐2. মেন্ডেলৰ জনীয় অনুপাত 1ঃ2ঃ1
⭐3. মেন্ডেলৰ দ্বিসংকৰনৰ অনুপাত 9ঃ3ঃ3ঃ1
⭐4. ক্ৰমবিকাশ বা বিৱৰ্তনৰ পিতৃ = ডাৰ’উন
⭐5. প্ৰথম কোষ বা জীৱটোৰ নাম= কোৱাচাৰভেট
Related Post – 10 years Tenses for 12th class
HSLC -2025 পৰীক্ষাৰ বাবে Class 10 Science Chapter 9 “বংশগতি আৰু ক্ৰমবিকাশ” ৰ সমস্ত প্রশ্নোত্তৰ অসমীয়া মাধ্যমেৰে ASSEB (পূৰ্বৰ SEBA) বোর্ডৰ অন্তৰ্গত। এইখিনি পাঠ্যক্ৰমৰ NCERT-আধাৰিত সমাধান সহায় কৰিব তোমালোকৰ পৰীক্ষাত সাফল্য পাবলৈ। দশম শ্ৰেণীৰ বিজ্ঞানৰ বংশগতি আৰু ক্ৰমবিকাশ Class 10 question answers সহজ ভাষাত উপলব্ধ।
আমাৰ ‘Vikash Centre’ ত HSLC Class 10 Science Chapter 9 Heredity and Evolution Assamese medium ৰ সকলো প্ৰশ্ন-উত্তৰসমূহ উপলব্ধ। ইয়াতো পাব science class 10 Assamese medium চিত্ৰ সহ বিশ্লেষণমূলক উত্তৰসমূহ, যি আপোনাৰ HSLC পৰীক্ষা ত সহায় কৰিব। অধিক Class 10 Science Assamese medium শিক্ষণ সামগ্ৰীৰ বাবে আমাৰ পেজটো নিয়মিত চাওক আৰু আপডেট পাবলৈ আমাৰ লগত থাকক
Heredity And Evolution || Class 10 || Chapter 9 Science| Heredity And Evolution All important Question answers for HSLC student ! Science class 10 | Heredity And Evolution All question answers in Assamese medium for HSLC ASSEB
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.




scottish pornstars
thegorillagrip
gay porn compilation
erotica gif
princess lexie joi
pawg porn gif
princess lexie joi
futa 3d
rough anal porn
sissy cuck
gumball porn
jay alvarez sex tape
gay team club porn
xxx stepmom
killergram porn
thai ladyboy sex
fake cop porn
stacy cruz porn
free wife porn
sissy bdsm
ahsoka tano hentai
secretsfilmed
pineapplebrat nude
reverse cowgirl anal
bbw joi
top asian pornstars
sasha de sade porn
painful porn
victoryaxo porn
mommys girl porn
سکس جدید ایرانی
sasha de sade porn
sugarbabe milf
naked tik tok
leah gotti blacked
lesbian rimjob
double penetration gifs
boy cock
porn category
kpop demon hunters sex
پورون
lesbien porn
free orgy porn
free 18 porn
sasha de sade porn
sissy training porn
thai lady boy porn
cuckold training
gay office porn
free only fans porn
red hot porn