Romantic poems in Assamese/ ৰোমান্তিক প্ৰেমৰ কবিতা||Unique

Assamese romantic poem

Sharing is caring!

নমস্কাৰ ,আপোনালোকে ৰোমান্তিক প্ৰেমৰ কবিতা বা ভালপোৱাৰ কবিতা বিচাৰিছে যদি আপুনি ঠিক পোস্টত আহিছে । আজি আমি ৪টা প্রেমৰ কবিতা লিখি আগবঢ়ালো, প্রেমৰ কবিতাবোৰ আপোনালোকৰ ভাল লাগিব।new Assamese Romantic poems, ৰোমান্তিক প্ৰেমৰ কবিতা

In this blog post, we will explore some New Assamese love Poems. Our todays poems- মোৰ সংগী, কবিতা, তোমাক কোৱাই  নহ’ল, পদপথ about love, relationship,friendship.

Assamese Love poems : photo @unsplash

Love poems photo: Assamese poem photo :

Read: Assam Milk Tea: its benefits, how make, why my favorite….

1. Here the first poem- Poet: Manash Haloi

মোৰ সংগী- a new Assamese Romantic poems

Assamese Romantic poem
মোৰ সংগী, Assamese poem



তুমি মোৰ সংগী হবানে?


মই নাজানো তুমি মোৰ সংগী


সচাঁকৈ হবানে নোহোৱা


মই ভাবো তুমি মোৰ সংগী


তোমাৰ ভাল লগা কথাবোৰ ও


আছিল মোৰ সংগী


ক’লা অন্ধকাৰৰ মাজত উৰি ফুৰা


জোনাকী পৰুৱাবোৰো আছিল মোৰ সংগী;


সৌ আকাশত মিচিকিয়াই হাঁহি থকা


তৰাবোৰো আছিল মোৰ সংগী ,


মই নাজানিছিলোঁ পৃথিৱীৰ


কোনো মোৰ সংগী নাছিল।


তোমাৰ ভাল লগা গানবোৰ


মোৰ সংগী আছিল ।


তোমাৰ হাঁহিও মোৰ


সংগী আছিল


কিন্তু মই নাজানিছিলোঁ

তোমাৰ সেই মনতো, মোৰ সংগী


আছিল নে নাছিল ।

_______________

Read: Best Picnic places of Assam

2.Here’s the second poem , poet Manash Haloi-

কবিতা- An Assamese poem

ৰোমান্তিক প্ৰেমৰ কবিতা
কবিতা, Assamese poem

কবিয়ে কবিতা লিখে
উকা কাগজত,
মই কবিতা লিখিছিলো
তোমাৰ হ্নদয়ত।
তোমাৰ হ্নদয়ত মৰমৰে
লিখিছিলো মই প্ৰথম কবিতা
আৰু লিখিছিলো অন্তহীন………
আজিও লিখিব বিচাৰোঁ
তোমাৰ হ্নদয়ত প্ৰেমৰ কবিতা
লিখিব দিবানে ‌ বাৰু
মোৰ সেই কবিতা
লিখিছিলো মই তোমাৰ নামেৰেই
জীৱনৰ শেষ কবিতা
লিখিছিলো মই কলিজাৰ চুকত
মাথো তোমাৰ নাম
নিজতকৈও ভাল পাইছিলো তোমাক
আৰু পাবলৈ চেষ্টা কৰিছিলো
যি সময়ত লিখিছিলো
তোমাৰ হ্নদয়ত কবিতা কেঁচা তেজেৰে
অতি মৰমৰে
আৰু আজি লিখিছোঁ কবিতা
উকা কাগজত মাথো চকুলোৰে ।

Read: Top 20 place of Guwahati for Visit

________________

Read our amother post-

Read: Mahatma Gandhi: The Untold Story – a short essay

3. Here’s the 3rd poem, poet : Karan Kalita

পদপথ- Assamese poem

Assamese poem
পদপথ, Assamese poem

দিনৰ পাছত বছৰ বাগৰে

শুস্ক পদপথৰ নীৰস পাত গছক

জীৱনৰ প্ৰথিক শ্ৰান্তিত শুৱে ……

শ্ৰান্তিৰ ক্লান্তি দূৰ কৰিবলৈয়ে যেন বন্ধুত্বৰ সৃষ্টি !

নীল অৰ্ণৱন প্ৰশান্তিৰ উৰ্মিমালা

হৈ অন্তৰৰ কোনত থাকি

যায় কোনোবা এজন বিশেষ !!

ৰৈ যায়…….

অন্ধকাৰ কুহেলিকাক দীপ্ত কৰা

জোনাকী পৰুৱা….

প্ৰখৰ ৰ’দত দিয়া এমুঠি সুখৰ

ছাঁ……….

বন্ধুত্ব গঢ়িবলে সময় নালাগে,

লাগে স্বচ্ছ হ্নদয়ৰ মুক্ত বাক্য ……

বিভুতিৰ চিকমিকনিতকৈও

মূল্যৱান কিছুমান সম্বন্ধ

গোমোঠা মুখত হাঁহিব খলক’নি

তোলা সেই বিশেষজনলৈ

বুলি এমুঠি চেনেহ ……..

বন্ধুত্বৰ এনাজৰীৰে বন্ধা

শীতল, সুমধুৰ আৰু স্বতঃস্ফূৰ্ত

মৎস্য অক্ষিৰ নিচিনা

কোমল হ্নদয়

অমূল্য বন্ধু লৈ বুলি…

________________

Read: Assam Milk tea : benefits, how make, why my favorite, etc…

4. Here’s the 4th poem, poet- Manash Haloi

তোমাক কোৱাই  নহ’ল- Assamese poem

Assamese poem
An romantic Assamese poem

তোমাক কোৱাই নহ’ল মনৰ কথা,

কোৱাই নহ’ল সেই অতীতৰ কথা ,

তোমাক কোৱাই নহ’ল এই পৃথিৱীৰ কথা,

তোমাক কোৱাই নহ’ল বহু কথা ।

তুমি গুছি গ’লা বহু দূৰলৈ..

কিন্তু মই যাব নোৱাৰিলো

তুমি আনন্দৰে গুছি গ’লা

সজাৰ পৰা মুকলি হোৱা চৰাই টোৰ দৰে

আৰু মই ৰৈ থাকিলেও

এখন ধুমুহাই ভাঙি পেলোৱা হ্নদয়লৈ

ভাবিছিলোঁ তুমি আকৌ আহিবা

আৰু মোৰ মনৰ কথাবোৰ শুনিবা

কিন্তু তুমি উভতি নাহিলা

আৰু সেই কথাবোৰ কথা হৈয়ে ৰ’ল

আৰু মই পথহাৰা পক্ষীটোৰ দৰে

তোমাক বিচাৰি থাকিলোঁ ।

_______________

recommedend post-

Artifial intelligence

How click night star picture with android mobile

আমি লিখা আন কবিতাবোৰ 👇

our 5 Amazing Assamese poem 👈

বন্ধুসকল, আজি আপোনালোকলৈ ওপৰৰ ৪টা অসমীয়া ৰোমান্টিক কবিতা আগবঢ়োৱা হ’ল। কবিতাবোৰ কেনেকুৱা হ’ল জনাবলৈ নাপাহৰিব আৰু আমি কি ধৰণে আমাৰ লিখনি সমূহ আৰু উন্নত কৰিব পাৰো সেই বিষয়ে জনাব বুলি আশা ৰাখিলোঁ।

আজিৰ কবিতাবোৰৰ ভিতৰত ৩টা কবিতা আগবঢ়াইছে মানস হালৈয়ে আৰু ১টা কবিতা (পদপথ) আগবঢ়াইছে কৰণ কলিতাই।এই পোস্টটো লিখিছে R.A.| তোমালোক তিনিওজনলৈ অশেষ ধন্যবাদ।

আপোনালোককো ধন্যবাদ , ইমান সময় আমাৰ ৱেবচাইটত সময় দিয়া বাবে, আশা কৰোঁ এনেকৈ সদায় আগুৱাই যোৱাত সহায় কৰিব।

বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।

For Share your poems with us, send here-

Gmail- hi@ocibuloc.com

These all are from our side, now your turn, please leave your valuable comment here & your opinion on our all poems. Thank you

Sharing is caring!

7 thoughts on “Romantic poems in Assamese/ ৰোমান্তিক প্ৰেমৰ কবিতা||Unique”

Leave a Comment

Scroll to Top