অসমীয়া কবিতা| Assamese Poem|3 Assamese New Poem|

কাব্যিক মোহৰ জগতলৈ স্বাগতম, য’ত অসমীয়া ভাষাৰ গীতিময় সৌন্দৰ্য্যই তিনিটা উল্লেখযোগ্য পদ্যত কণ্ঠ বিচাৰি পায়।
এই ব্লগ পোষ্টটোত আমি এই চহকী আৰু সজীৱ সংস্কৃতিৰ সাৰমৰ্মক ধৰি ৰখা তিনিটা অসাধাৰণ অসমীয়া কবিতা উপস্থাপন কৰি আনন্দিত হৈছো।
অসমৰ ঐতিহ্য আৰু আত্মাক উদযাপন কৰা এই আচৰিত, নতুন সৃষ্টিসমূহ আমি উন্মোচন কৰাৰ সময়ত “অসমীয়া কবিতা” (Assamese Poem)ৰ যাদুত নিমগ্ন হ’বলৈ সাজু হওক।
আহকচোন বিস্ময়কৰ অসমীয়া কবিতাৰ জগতখনত ডুব যাওঁ আৰু ইয়াৰ যাদুক আপোনাৰ ইন্দ্ৰিয় ভৰাই তোলক তাৰে আশাবাদী-

Read : Assam Milk Tea :It’s benefits, how prepare, how become my fav, etc..
ক’ৰবাতে ৰৈ থাকিল – An Assamese Poem
এই যান্ত্ৰিকতাৰ জগতখনত
মাথো প্ৰতিযোগীসকলৰ তোলপাৰ ,
যিয়ে যেনেকৈ পাৰে মাথো দৌৰিছে ।
কাৰো ৰৈ চোৱাৰ সময়ে নাই ।
এতিয়া কোনে কাক চিনি পায় ?
মাথো চশমাৰ ফাঁকেৰে জুমি গুচি যায় ।
এই কংক্ৰিটৰ দেশত
আছে মাথো ব্যস্ততাৰ বীণ,
যত নোহোৱা হ’ল সুখৰ মাদকতা ।
আপোনক একাষৰীয়া কৰি
পাহৰিলে বস্তৱতা
আৰু সেই অবিৰত সংগ্ৰাম
কেনিবাই নোহোৱা হ’ল ।
নাই কোনো লক্ষ্যস্থান, আছে বহুত সপোন
তেওঁ দৌৰিছে,মানে ময়ো দৌৰিব লাগিব।
তাকে থিৰাং কৰি প্ৰতিযোগিতাত নামিছে ।
সেই হেজাৰ সপোন, মনত ভবাবোৰ
ক’ৰবাতে ৰৈ ৰৈ জাহ গ’ল ।
মাথো বুকুত জুই একুৰা লৈ
সময়ৰ স’তে দৌৰি ফুৰিছে।
✍️✍️✍️✍️ Ajed Ali

হৃদয়বাৰ্তা
মোৰ হৃদয়ৰ চোতালত
তোমাৰ সেই প্ৰথম খোজে
মন অৰণ্যত সিঁচি দিলে
পলাসৰ লয়লাস,
আৰু ঘূৰাই আনিলে জীৱনৰ আশাবোৰ ।
তোমাৰে পৰসত মচি গ’ল
হৃদয়ৰ সকলো দীনতা ,
নাইকিয়া হ’ল নিৰাশাৰ হুমুনিয়াজাক ,
আৰু ক্ৰমাগত হ’ল এজাক নতুন হাবিয়াস।
মাথো তোমাৰ আলিংগনত
দেখা পালো জীৱনৰ ৰংবোৰক
যিয়ে উমলি – জামলি আছে
এই নগ্ন চকুৰ আগত।
কবি: অজেদ আলী

মা তুমি স্বাৰ্থপৰ
✍️✍️✍️✍️ Ajed
মা তুমি স্বার্থপৰ
মা এই যে তুমি
আমাক নিজৰ কৰি লৈ
কদোচিত দুখী নহৈ
আমাৰ স্বাৰ্থক পূৰণ কৰা
সেয়া স্বাৰ্থপৰ নহয়নে ?
এই জগতত চাগে তুমিয়েই আছা
যিয়ে দৰমহা বিহীন চাকৰিৰে
নিত্যদিন অসীম পৰিশ্ৰম কৰা ,
সেয়া তোমাৰ স্বাৰ্থ নহয়নে ?
নিজৰ কাৰণে অলপো নহয়
এটকা-দুটকা কৰি গোটোৱা ধন
আমাৰ সুখৰ বাবে বিলাই দিয়া ,
আৰু অথনিৰে পৰা অৰ্জন কৰা
তোমাৰ সেই মান – সন্মান
আমাৰ দোষত দোষী হৈ
হাঁহি মুখে ত্যাগ কৰা।
এই যে তুমি নিজৰ বাবে
কিন্সিত নাভাবি আমাক
নিজৰ কৰি লোৱা ,
তাত তুমি স্বার্থপৰ নহয় জানো ?
আচলতে তোমাৰ এই স্বাৰ্থপৰতাবোৰেই
আমাক আকোঁৱালি ৰাখিছে ;
তোমাৰ এই অসীম স্বাৰ্থৰ ঋণ
কেতিয়াও শোধাব নোৱাৰোঁ।
মাথো তোমাৰ স্বাৰ্থৰ প্ৰতি
স্বাৰ্থপৰ হব বিচাৰো চিৰজীৱনলৈ ॥

_______________
Recommedend post-
How click night star picture with android mobile
আমি লিখা আন কবিতাবোৰ 👇
বন্ধুসকল, আজি আপোনালোকলৈ ওপৰৰ ৩টা অসমীয়া কবিতা আগবঢ়োৱা হ’ল। কবিতাবোৰ কেনেকুৱা হ’ল জনাবলৈ নাপাহৰিব আৰু আমি কি ধৰণে আমাৰ লিখনি সমূহ আৰু উন্নত কৰিব পাৰো সেই বিষয়ে জনাব বুলি আশা ৰাখিলোঁ।
আজিৰ কবিতাবোৰৰ ভিতৰত আটাইকেইটা কবিতা আগবঢ়াইছে অজেদ আলী (Assamese Porm by Ajed Ali) য়ে আৰু এই পোস্টটো লিখিছে R.A.| তোমালোক দুয়োজনলৈ অশেষ ধন্যবাদ।
আপোনালোককো ধন্যবাদ , ইমান সময় আমাৰ ৱেবচাইটত সময় দিয়া বাবে, আশা কৰোঁ এনেকৈ সদায় আগুৱাই যোৱাত সহায় কৰিব।
বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।।
For Share your poems with us, send here-
Gmail- oc******@gm***.com
These all are from our side, now your turn, please leave your valuable comment here & your opinion on our all poems. Thank you
Discover more from Unique Things by Oc
Subscribe to get the latest posts sent to your email.




Downloaded the lucky97apk, and it runs really well on my phone. Easy to install and gets you straight into the game. Good stuff. Get it here: lucky97apk
Yo, just checked out lucky97gamesigin and it’s pretty slick! Smooth gameplay and decent graphics. Definitely worth a look if you’re into this kinda thing. Check it out: lucky97gamesigin
Heard pak33game is the new cool kid on the block. Gonna give it a shot later tonight. Wanna join? This way to more pak33game
Hey guys, just checked out ok3655vn and it seems pretty solid. Lots of options to explore. I’d say give ok3655vn a try, see if it’s your thing.
Gizbocasino66, huh? Okay, I’ve checked it out. The vibe is alright, and they have a good selection of games to keep you entertained. Nothing groundbreaking, but solid enough for a few hours of fun. Take a look: gizbocasino66
Futebol Fever BR? For real? This site’s got me hooked for my football fix! Solid choice for game viewing futebolfeverbr.
Took a peek at ZX88COM. It’s a solid option. Nothing that really blew me away, but it does the job. If you’re looking for something reliable, give it a whirl. Check it out: zx88com
Aati sundar kobitabor.