5 New Assamese Poems|| মন চুই যোৱা -৫ অসমীয়া কবিতা||

Sharing is caring!

নমস্কাৰ , আজি আপোনালোকৰ ওচৰলৈ আমি 5 Assamese poem অৰ্থাৎ মন চুই যোৱা-৫ অসমীয়া কবিতা আগবঢ়োৱা হ’ল, আশা কৰো আপোনালোকে কবিতাবোৰ পঢ়ি ভাল পাব। কবিতাবোৰৰ শিৰোনামা – বন্ধুত্বৰ সীমা, সুদূৰ পাহাৰত, অলিখিত লিখনিৰ,

Here, The first poem for you, the poem is on friends, –

বন্ধুত্বৰ সীমা

বন্ধুত্বৰ সীমনাত……

দিগন্তব্যাপ্ত উৰ্মিমালাত তৃষ্ণাতৰ আকূলতাই

উমাদান তোলা এক জীপাল কাহিনী…..

বন্ধুত্বৰ ছাঁ সৃষ্টি দুটি নক্ষত্ৰ !

অন্ধকাৰাচ্ছন্ন কালৰজনীৰ বিনিদ্ৰ প্ৰহৰত

ডাৱৰ ফালি সুধাংশুৰ ৰূপোৱালী পোহৰ

দিয়া এটা নক্ষত্ৰ বিচৰা টান, নহয়নে ?

সেই নক্ষত্ৰৰ আত্মীয়তা আৰু প্ৰদানশীলতাৰ কল্লোলিনীৰ

হিল্লোলত মোৰ অব্যক্ত বেদনাৰ

কংকৰ – প্ৰস্তৰ উটি গৈছিল ………

প্ৰজ্বলিত চাকিৰ আলোকচ্ছটাই তিমিৰ নাশ

কৰাৰ দৰে মোৰ জীৱনৰ তিমিৰ নাশী

সেই নক্ষত্ৰ টোক বিচৰা টান নাছিল…..

সি মোৰ লগতে আছিল ………

তোমাৰ বিষয়ে দিনটিত দিবলৈ মোৰ

একোৱে নাই !!

আছে মাথোঁ আখৰৰ স্মৃতি কোহেঁৰে গঁঠা

এধাৰি মালা !!

তুমি মালাধাৰি ল’বা , নল’বানে ??

~~~~~~~~~0~~~~~~~~~~

এই কবিতাটো বন্ধুত্বৰ ওপৰত লিখা কৰনৰ এটি কবিতা।

This is an Assamese poem on friends. Hope you enjoy the poem, thanks to karan for writing such a poem on friends. We needs friends like you, thank you friend.

Here’s today’s 2nd poem on nature, This is an Assamese poem on nature. Hope you will enjoy it

Read : Guwahati visiting places

সুদূৰ পাহাৰত

ৰসহীনতাৰ বেমাৰত ভোগা

লেৰেলা ব্যস্ততাৰ জোলোঙাৰ

উদাসীন আবেলিক

বিদায় জনাই

মোৰ মন যায়……..

শেলুৱৈৰে ঢকা শিলৰ

কোমল হ্নদয়খন চুই চাবলৈ

কুলুকুলু কৰি বৈ যোৱা

নৈখনত জিৰাবলৈ………..

শিমলুৰ তুলা হৈ সুৰ যে

লুকা – ভাকু খেলা

ডাৱৰসনা আকাশ লে’

উৰি যাৱলে’……

‘পদুমৰ পানী হৈ বিলত তিৰবিৰাবলে ‘

জিঞাৰ পাখি হৈ ৰ’দত তিৰবিৰাবলে ‘…….

~Karan

~~~~~~~~~~0~~~~~~~~~~

Read : Assam Milk tea: its benefits, how prepare, why my favorite…..

Here’s, today’s 3rd poem on study, this is an Assamese poem by my friend

অলিখিত লিখনি

উৰিবলৈ হাবিয়াস সিমানলৈ থাকিব

যিমানলৈ পাখিৰ তলত উম লৈ

শুই থকা সপোনে নচুৱাই থাকিব…….

সপোন বিক্ষোত হ’লে নীৰৱতা ভেদি

মনৰ কুঠাৰীত যন্ত্ৰনাদগদ্ধ সীত বাজে

শব্দৰ সুহুৰিত জানো সাৰ পায়

মনৰ আকাশে ??

বস্তৱৰ পৰিধি চূৰ্ণ কৰি

চুই চাব খোজে নিলাভ আম্ভৰ

ৰূপালী জোনাকৰ আচ্ছাদানে

মাত্ত বিহংগৰ সৈতে আলাপ কৰে……

নিয়মাফিক জীৱনৰ দৈনন্দৈন বিষাক্ত

পইযালাট শোহা মাৰি জীৱন

জানো থমকি ৰয় ??

নীলকণ্ঠ হৈ পৰে ডিঙি….

মুক্ত আস্ফালন আগ্ৰাহ্য কৰি

মেকুৰীৰ নিচিনা কেকুঁৰি কেকুঁৰি

আমি সোমাই পৰো শামুকৰ খোলাত

~Karan

~~~~~~~~~~~~~~~0~~~~~~~~~~~~~~

Here the other poem is Lekhoni for you all, this is teacher day special poem in Assamese

লেখনী

তুমি এখন লেখনী

হয়তো চিয়াঁহী ভৰাই লিখিছিল

এবাৰেই……

সেই চিয়াঁহীৰে তুমি এতিয়াও এৰা নাই

টোকাবহীখন সম্পূৰ্ণ কৰিবলে

নিজকে বিলীন কৰি ।

তোমাৰ চানেকিৰে আগবাঢ়ি আহো

এক নতুন সুৱাহৰ দিশত

যি সুৱাহ থাকিব সদায় তেজাল ।

তোমাৰ লেখনী অনুসৰন কৰি

আগবাঢ়িছে অগনন নতুন লেখনী

নতুন টোকাবহী সম্পূৰ্ণ কৰিবলে ।

ধন্য তুমি…..

সম্পূৰ্ণ কৰা তোমাৰ টোকাবহী

শেষ হ’ব নিদিবা…….

……..…. চিয়াঁহী ।

আমাক লৈ যোৱা তোমাৰ সুৱাহলৈ

তোমাৰ লেখনীলৈ………..

জ্ঞানৰ দেশলৈ ।

~The Ocibul Oc

Reccomended Books

Ashimat Jar Heral Seema (অসমীত যাৰ হেৰাল সীমা) -An Assamese Novel . This is my best Assamese novel.

Bakul Phular Dare (বকুল ফুলৰ দৰে) – An Assamese Novel

This is an Assamese poem on teacher, special for teacher’s day. I have written the poem in 2020, For my respected teachers. Hope you enjoy the poem, this poem was written in simple language.

~~~~~~~~~~~~~0~~~~~~~~~~~~

Today’s Last poem is here, The poem is in Assamese language, it’s on hunan behavior, everyone human is upgrading and we forget our passed, on these bases I have written the poem 2 years ago, here’s the poem-

অসম্পূৰ্ণ

এই যে সেউজী ধৰণী ,

প্ৰভু তোমাৰেই অপূৰ্ব সৃষ্টি ;

এই যে সুখময় পৃথিৱীত

তুমিয়েই দিছা মৰম সানি;

তথাপি যেন অসম্পূৰ্ণ পৃথিৱী…।

*সেউজী ধৰাত গছে- বনে , কুলি-কেতেকী….

হালিছে- জালিছে দিনে- নিশা,

সুখময় পৃথিবীত মায়া- মোহে আৱৰি ধৰিছে

মোৰ ধৰে এটি ধূলিকণাক ;

সব , প্ৰভূ তোমাৰে মহিমা…

তথাপি যেন অসম্পূৰ্ণ ধৰা….।

* সেউজী সুখময় ধৰনীত কলিৰ যুগে

লগাই দিলে মানৱ নামৰ ধূলি- বালিৰ লেঠা ।

মহান জনৰ সৃষ্টি , প্ৰীতিৰ সংবিধানক

মানৱ ৰূপী ধূলি- বালিয়ে কৰিব ত্যাগ ;

আইন -কানুন নেমানি ধৰ্মনিৰপেক্ষতাৰ….।

সেয়ে পৃথিবীখন আজিও অসম্পূৰ্ণ …।

* প্ৰভুলৈ আবেদন মোৰদৰে ধূলিকণাৰ,

ধ্বংস কৰা নানা ধৰ্মৰ প্ৰাচীৰ,

ধ্বংস কৰা জাতিৰ ভেদা-ভেদ,

সৃষ্টি কৰা আৰু সুন্দৰ , প্ৰীতিভৰা ধৰা ।

দেখিবলৈ পাম মানৱ ধূলি -বালিৰ একতা ।

সেয়ে কওঁ……….

আজিও অসম্পূৰ্ণ এই ধৰা …….।

~ The Ocibul Oc

সমাপ্ত ।
শেষলৈ পঢ়াৰ বাবে ধন্যবাদ ।

~~~~~~~~~~~~~~~~~~~~~~~~~

ধন্যবাদ আপোনাক, ইমান সময় আমাৰ পেজত দিয়াৰ বাবে, ওপৰৰ কবিতাবোৰ যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিবো।

N.B– Without Permission don’t copy, If you want then share it with author or website name, , dear friends, If you also want to submit your poem to see like these then sent your poem .
Gmail- hi@ocibuloc.com

These all are from my side today, now your turn in comment box. If you want to support my writing 𝙗𝙪𝙮 𝙢𝙚 𝙖 𝙘𝙪𝙥 𝙤𝙛 𝙘𝙤𝙛𝙛𝙚𝙚, If not able right now it’s ok. Try again. Thank you for reading the full blog.

Leave your valuable comment below

With Love❤

Ocibul

Sharing is caring!

6 thoughts on “5 New Assamese Poems|| মন চুই যোৱা -৫ অসমীয়া কবিতা||”

  1. Pingback: Amazing Birthday Wishes for best friend, Parents, -In Assamese: জন্মদিনৰ শুভেচ্ছা অসমীয়াত || Unique - Unique Things by Oc

Leave a Comment

Scroll to Top