Class 10ASSEBHSLCScience

Class 10 Science chapter 2 Question Answer Assamese medium

Acids, Bases And Salts – Science

Get all the NCERT Solutions SEBA/ASSEB for Class 10 Science chapter 2 Question Answer Assamese medium “Acids, Bases and Salts” / “এছিড, ক্ষাৰক আৰু লৱণ” in Assamese medium for HSLC exams under the ASSEB board (formerly SEBA). Easily find and access the NCERT-based solutions for each chapter, helping you prepare well for your exams.  দশম শ্ৰেণীৰ বিজ্ঞানৰ Chapter 2 এছিড, ক্ষাৰক আৰু লৱণ” Class 10 science chapter 2 question answer assamese medium  will guide you to success.

এছিড, ক্ষাৰক আৰু লৱণ – Class 10 science chapter 2 question answer assamese medium 

    মৰমৰ ছাত্র-ছাত্ৰীসকল, এইটো পোস্টত তোমালোকে প্ৰধানকৈ “এছিড, ক্ষাৰক আৰু লৱণ” Class 10 Science chapter 2 Question Answer Assamese medium পাঠটোৰ NCERT-based solutions পাবা। যদি তোমালোকে “এছিড, ক্ষাৰক আৰু লৱণ” short question answer আৰু “এছিড, ক্ষাৰক আৰু লৱণ” mcq বিচৰা কমেন্টত জনাব, নিশ্চয় দিবলৈ চেষ্টা কৰিম।

Class 10 science chapter 2 question answer assamese medium pdf

যৌগ আৰু সিহঁতৰ ৰাসায়নিক সংকেত

এইটো পাঠত দৰকাৰী কিছু যৌগ সিহঁতৰ ৰাসায়নিক সংকেতৰ সৈতে –

সংকেতযৌগৰ নাম
HClহাইড্ৰ’ক্ল’ৰিক এছিড(Hydrochloric acid) 
H₂SO₄ছালফিউৰিক এছিড(Sulphuric acid) 
CH₃COOHএচেটিক এছিড(Acetic acid) 
NaOHছ’ডিয়াম হাইড্ৰ’ক্সাইড(Sodium Hydroxide) 
KOHপটেছিয়াম হাইড্ৰ’ক্সাইড(Potassium Hydroxide) 
NH₄OHএম’নিয়াম হাইড্ৰ’ক্সাইড(Ammonium Hydroxide) 
Ca(OH)₂ (চূণপানী) কেলছিয়াম হাইড্ৰ’ক্সাইড (Calcium Hydroxide) 
Mg(OH)₂মেগনেছিয়াম হাইড্ৰ’ক্সাইড(Magnesium Hydroxide) 
Some Compound with Their Formula

পাঠভিত্তিক প্ৰশ্নোত্তৰঃ – Class 10 Science chapter 2 Question Answer Assamese medium 

ইয়াত মই  Class 10 science chapter 2 question answer assamese medium ত upload কৰিলো। পাঠভিত্তিক প্ৰশ্নোত্তৰত প্ৰতিটো প্ৰশ্নাৱলীঃ আৰু অনুশীলনীৰ উত্তৰ পাবা।  শেষত অতিৰিক্ত গুৰুত্বপূৰ্ণ উত্তৰো কিছুমান পাবা। 

প্ৰশ্নাৱলীঃ1 (পৃষ্ঠা – 18 )

Q.1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রৱসমূহ কিদৰে চিনাক্ত কৰিবা?

Ans.:- তিনিটা পৰীক্ষা নলীত পাতিত পানী, এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ দিয়া আছে। এটা ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে, পৰীক্ষা নলীবোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰিম। যি পৰীক্ষা নলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ’ব, সেই দ্ৰৱটো হ’ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীলা লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজটো ৰঙা হয়, তেন্তে সেই পৰীক্ষানলীৰ দ্ৰৱটো হ’ব এছিড দ্ৰৱ আৰু আনটো নলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিবৰ্তন নহয়। অর্থাৎ তৃতীয় নলীত পাতিত পানী আছে।

প্ৰশ্নাৱলীঃ2  (পৃষ্ঠা – 22 )

Q. 1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? 

Ans.:- দৈত লেক্টিক এছিড (Lactic acid) থাকে। আনহাতে, টেঙা খাদ্যবস্তুতো এছিড থাকে।

             যিহেতু, সকলো এছিডে ধাতুৰ লগত বিক্রিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে। সেয়ে পিতল আৰু তামৰ পাত্রৰ লগত এইবোৰ দ্ৰৱৰ বিক্রিয়া ঘটে। ফলত ইয়াৰ সোৱাদ বেয়া হয়। সেয়ে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্রত থোৱা নহয় ।

Q. 2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

Ans.:- এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে হাইড্র’জেন (H₂) গেছ নিৰ্গত হয়। 

         উদাহৰণস্বৰূপঃ যিংকৰ লগত লঘু ছালফিউৰিক  এছিডৰ বিক্ৰিয়া ঘটি  যিংক ছালফেট লৱণ আৰু হাইড্র’জেন গেছ উৎপন্ন হয়। 

Zn(s) + H₂SO₄(aq) ZnSO₄ (aq) + H₂(g) 

      H₂- ৰ উপস্থিতি পৰীক্ষাএটা জ্বলন্ত কাঠৰ শলা হাইড্র’জেনযুক্ত এডাল পৰীক্ষানলীৰ মুখত ধৰিলে ফট্ – ফট্ কৰিছে, অৰ্থাৎ গেছ জ্বলিছে। এইটোৱেই হাইড্ৰ’জেন গেছৰ উমান দিয়ে। 

Q. 3. এটা ধাতব যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোবে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

Ans.:- কেলছিয়াম কাৰ্বনেট লঘু হাইড’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি  কেলছিয়াম ক্ল’ৰাইড উৎপন্ন কৰে। গতিকে ধাতৱ যৌগ ‘A’  হ’ব কেলছিয়াম কাৰ্বনেট। 

      সন্তুলিত ৰাসায়নিক সমীকৰণ হ’ল :   CaCO₃(s) + 2HCl (aq) CaCl₂ (aq) + CO₂ (g) + H₂O (l)

Related Post –

প্ৰশ্নাৱলীঃ3 (পৃষ্ঠা – 25 )

Q. 1. জলীয় দ্রৱত HCI, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ?

Ans.:- HCl, HNO₃ য়ে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) বা হাইড্ৰ’জেন আয়ন (H⁺) প্ৰস্তুত কৰে। কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্ৰৱই H₃O⁺ বা  H⁺ আয়ন প্ৰস্তুত নকৰে। গতিকে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়। 

Q. 2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

Ans.:- এছিডে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) বা হাইড্ৰ’জেন আয়ন (H⁺) প্ৰস্তুত কৰে। এই আয়নৰ উপস্থিতিৰ বাবেই  এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। 

Q. 3. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? 

Ans.:- জলীয় দ্ৰৱত H₃O⁺ বা  H⁺ আয়নৰ উপস্থিতিত  লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন ঘটায়। কিন্তু শুকান HCl গেছে  কোনো  H⁺ আয়ন উৎপন্ন নকৰে। আয়নৰ অনুপস্থিতিৰ বাবে শুকান HCl গেছে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। 

Q. 4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? 

Ans.:- যেতিয়া এছিড আৰু পানী মিশ্ৰিত কৰা হয়, তেতিয়া বিক্রিয়াটো অধিকভাৱে উত্তপ্ত হয় আৰু ফলত বিস্ফুৰণ ঘটিব পাৰে। সেয়ে এছিড পানীত লাহে লাহে যোগ কৰা হয়, যাতে উৎপন্ন হোৱা তাপ পানীয়ে শোষণ কৰিব পাৰে আৰু বিস্ফুৰণৰ পৰা ৰক্ষা পৰিব পাৰে। কিন্তু পানী এছিডত যোগ কৰিলে অধিক উত্তাপ সৃষ্টি হৈ বিস্ফুৰণ ঘটিব পাৰে ।  সেয়ে পানী এছিডত যোগ কৰা নহয়।

Q. 5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়? 

Ans.:-  এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে এছিডৰ প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়ন (H₃O⁺)ৰ গাঢ়তা কমি যায়।

Q. 6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব? 

Ans.:- ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা একক আয়তনত বৃদ্ধি হ’ব। অৰ্থাৎ অধিক গাঢ় হ’ব।


Some examples of Acids which are available on Nature!! Class 10 Science Chapter 2

প্ৰশ্নাৱলীঃ4 (পৃষ্ঠা – 28 )

Q. 1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pᴴ ৰ মান 6 আৰু দ্ৰৱ B ৰ pᴴ ৰ মান 8; কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

Ans.:- pᴴ = 6 থকা দ্ৰৱটো আম্লিক আৰু pᴴ = 8 থকা দ্ৰৱটো ক্ষাৰকীয়।

আম্লিক দ্ৰৱ অৰ্থাৎ দ্রৱ A ত (pᴴ = 6) হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি।

Q. 2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে? 

Ans.:- দ্ৰৱ এটাৰ হাইড্ৰ’জেন আয়ন (H⁺) ৰ গাঢ়তা বেছি হ’লে দ্ৰৱটোৰ আম্লিক ধৰ্ম বৃদ্ধি পাব। 

Q. 3. ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়? 

Ans, ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকে, কিন্তু OH⁺ আয়নৰ গাঢ়তা বেছি হোৱা বাবে ইহঁতৰ প্ৰকৃতি ক্ষাৰকীয় হয়।

Q. 4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিখিলিত চুপ (কেলছিয়াম হাইড্র’ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

Ans.:-  পোৰা চুণ (CaO) বা শিথিলিত চুণ (Ca (OH)₂) বা চক (CaCO) এই আটায়বোৰৰ প্ৰকৃতি ক্ষাৰকীয়। গতিকে মাটিত যেতিয়া এছিডৰ পৰিমাণ অতিৰিক্ত হ’ব তেতিয়া  কৃষকজনে  এইবোৰ প্ৰয়োগ কৰিব, যিয়ে  এছিডৰ প্ৰশমন ঘটাব। 

প্ৰশ্নাৱলীঃ5 (পৃষ্ঠা – 35 )

Q. 1. যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি? 

Ans.:- CaOCl₂ ৰ সাধাৰণ নাম ব্লিচিং পাউদাৰ। (CaOCl₂- Calcium Oxychloride) । । 

Q. 2. ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

Ans.:- ক্ল’ৰিনৰ সৈতে কেলছিয়াম হাইড্রক্সাইডৰ (Ca(OH)₂)-ৰ বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন হয়। 

সমীকৰণটো – Ca(OH)₂ + Cl₂ → CaOCl₂ + H₂O 

Q. 3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

Ans.:- কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা  ছ’ডিয়াম যৌগটোৰ নাম হ’ল- ছ’ডিয়াম কার্বনেট (Na₂CO₃)। 

Q. 4. ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

Ans.:- ছডিয়াম হাইড্ৰ’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই-অক্সাইড পোৱা যায়।

সমীকৰণটো-

2 NaHCO₃ –তাপ→ Na₂CO₃ + H₂O + CO₂

Q. 5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

Ans.:- প্লাষ্টাৰ অৱ পেৰিছ (plaster of paris) আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল : 

CaSO₄.1/2H₂O+1.1/2H₂O→ CaSO₄.2H₂O

অনুশীলনী : Class 10 Science chapter 2 Question Answer

NCERT Solutions for Class 10 Science chapter 2 Question Answer Assamese medium of Acids, Bases and Salts Chapter of SEBA board by Vikas Centre

Q. 1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত Pᴴ হ’ব পাৰে–

 (a)1            (b) 4            (c) 5             (d) 10

Ans.:- (d) 10.

Q. 2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—

(a) NaCl      (b) HCI        (c) LiCI          (d) KCI

Ans.:- (b) HCI.

Q. 3. NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱএটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্রৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—

(a) 4mL         (b) 8m L       (c) 12mL       (d) 16mL

Ans.:- (d) 16mL.

Q. 4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক (Antibiotic) 

(b) বেদনানাশক (analgesic) 

(c) অম্লনাশক (antacids) 

(d) বীজাণুবাৰক (antiseptic)

Ans.:- (c) অম্লনাশক।

Q. 5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে। 

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

(c) লঘু ছালফিউৰিক এছিড়ে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্র’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

Ans.:-

(a) 

শব্দ সমীকৰণ:-

যিংক + লঘু ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰ’জেন গেছ। 

সন্তুলিত সমীকৰণ:-

Zn (s) + H₂SO₄ (aq) → ZnSO₄ (aq) + H₂ (g) 

(b) 

শব্দ সমীকৰণ:-

মেগনেছিয়াম + হাইড্ৰ’ক্লৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

সন্তুলিত সমীকৰণ:-

Mg (S) + HCl (aq) → MgCI₂ (aq) + H₂ (g)

(c) 

শব্দ সমীকৰণ:-

এলুমিনিয়াম + লঘু ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট্ + হাইড্ৰ’জেন গেছ।

সন্তুলিত সমীকৰণ:-

 2AI (S) + 3H₂ SO₄ (aq) → Al₂ (SO₄)₂ (aq) + 3H₂ (g)

(d) 

শব্দ সমীকৰণ:-

লো + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

সন্তুলিত সমীকৰণ:-

Fe (S) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)

Q. 6. এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা। 

Ans.:-  

Q. 7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? 

Ans.:- পাতিত পানী হ’ল বিশুদ্ধ পানী। ইয়াত কোনো ধৰণৰ অম্ল বা ক্ষাৰক নাই। গতিকে ইয়াত কোনো ধৰণৰ আয়নৰও সৃষ্টি নহয়। কিন্তু বৰষুণৰ পানীত এছিড অম্ল(Acids) আৰু নানা ধৰণৰ অশুদ্ধি থাকে, যিয়ে আয়ন মুক্ত কৰে। ফলত পানী আৰু এই আয়নে বিদ্যুৎ প্ৰবাহিত কৰে। অৰ্থাৎ আয়ন মুক্ত নকৰাৰ বাবে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে। 

Q. ৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয়?

Ans.:- পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন (H⁺) মুক্ত কৰিব নোৱাৰে। সেয়ে পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে। 

Q. 9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ—

(a) প্রশম।

(b) তীব্র ক্ষাৰকীয়।

(c) তীব্র আম্লিক।

(d) মৃদু আম্লিক।

(e) মৃদু ক্ষাৰকীয় হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pᴴ মানবোৰ সজোৱা ।

Ans.:-

 (a) প্রশম = D ,  Pᴴ =  7,

(b) তীব্র ক্ষাৰকীয় = C,  Pᴴ =11

(c) তীব্র আম্লিক = B,  Pᴴ = 1

(d) মৃদু আম্লিক = A, Pᴴ = 4 

(e) মৃদু ক্ষাৰকীয় = E,  Pᴴ = 9

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pᴴ – ৰ মানবোৰ হ’ব : 11 < 9 < 7 < 4 < 1.

Q. 10. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল Aত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

Ans.:- পৰীক্ষানলী A ত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ হাইড্ৰ’ক্ল’ৰিক এছিড(HCl) হ’ল এবিধ তীব্র এছিড কিন্তু এচেটিক এছিড (CH₃COOH) হ’ল এবিধ মৃদু এছিড। হাইড্ৰ’ক্ল’ৰিক এছিডত বেছি  H⁺ আয়ন থাকে। গতিকে মেগনেছিয়াম ফিতাৰ লগত ই তীব্র বেগেৰে বিক্ৰিয়া কৰিব। ফলত হাইড্ৰ’জেন গেছ বেছিকৈ উৎপন্ন হ’ব আৰু বেছিকৈ বুৰবুৰণি ওলাব। 

Q. 11. কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’বনে? ব্যাখ্যা কৰা।

Ans.:- হয়, কেঁচা গাখীৰ দৈ-ত পৰিণত হ’লে pᴴ ৰ মান কমি যায়৷ কাৰণ কেঁচা গাখীৰ দৈ লৈ  পৰিণত হ’লে লেক্‌টিক এছিড উৎপন্ন হয়। 

Q.12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।

  1. কিয় তেওঁ কেঁচা গাখীৰৰ pᴴ ৰ মান 6 ৰ পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে? 
  2.  এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়? 

Ans.:-

  1. গাখীৰত বেকিং ছ’ডা মিহলালে  গাখীৰ সামান্য পৰিমানে ক্ষাৰকীয় হয় আৰু গাখীৰ বেছি সময়লৈকে নষ্ট নোহোৱাকৈ থাকে। 
  2. লেক্টিক এছিডে, গাখীৰত মিহলোৱা বেকিং ছ’ডাৰ লগত বিক্ৰিয়া কৰি প্ৰশম হয়। এতিয়া গাখীৰ দৈ-ত পৰিণত হ’বলৈ অধিক পৰিমাণৰ লেক্টিক এছিডৰ প্ৰয়োজন হয়। ফলত গাখীৰ দৈ-ত পৰিণত হ’বলৈ অধিক সময়ৰ লাগে। 

Q. 13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

Ans.:- প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প সোমালে  ই সহজেই ৰাসায়নিক পৰিৱৰ্তন হৈ জীপছামলৈ ৰূপান্তৰিত হয়। ফলস্বৰূপে ই কঠিন হৈ ব্যৱহাৰৰ অনুপযোগী হ’ব। সেয়েহে প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প  সোমাব নোৱৰা পাত্ৰত থব লাগে। 

Q. 14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

Ans.:- যি ৰাসায়নিক বিক্ৰিয়াত এছিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ (salts) আৰু পানী উৎপন্ন কৰে, তেনে বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। 

Acids + Bases → Salt + water
এছিড + ক্ষাৰক → লৱণ + পানী
প্ৰশমন বিক্ৰিয়াৰ সমীকৰণ

দুটা প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ হ’ল

  1. NaCl (aq) + NaOH (aq) → NaCl (aq) + H₂O (l)
  2. HNO₃ (aq) + KOH (aq) → KNO₃ (aq) + H₂O (l) 

কাপোৰ ধোৱা ছ’ডা (Washing Soda) ৰ ব্যৱহাৰ –

  1. ঘৰুৱা চাফাই কামত কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰা হয়। 
  2. কাঁচ, চাবোন আৰু কাগজ উদ্যোগত কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰা হয়। 
  3. পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰা হয়। 

বেকিং ছ’ডা ( Baking Soda) ৰ ব্যৱহাৰ-

  1. খোৱা বস্তু সোনকালে সিজিবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰা হয়। 
  2. পকৰিৰ দৰে মূৰমুৰিয়া খাদ্যবস্তু বনাবলৈ বেকিং ছ’ডাৰ ব্যৱহাৰ কৰা হয়। 
  3. ছ’ডা-এছিড অগ্নি নিৰ্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয়। 

Important  Notes for HSLC 2025 Success

এই Articleটোত  Class 10 Science chapter 2 Question Answer Assamese medium – এছিড, ক্ষাৰক আৰু লৱণৰ অসমীয়া মাধ্যমৰ সম্পূর্ণ বিষয়বস্তুৰ লগতে NCERTৰ সমাধানসমূহ পোৱা যাব। ইয়াত উপৰি কিছু গুৰুত্বপূৰ্ণ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে এই অধ্যায়ৰ ধাৰণাসমূহ বুজিবলৈ বিশেষ সহায় কৰিব। এই অতিৰিক্ত তৰাৰ চিহ্নযুক্ত টোকাবোৰত তৎক্ষণাত জানিব পৰা তথ্য, সহজে মনত ৰখা সুংক্ষিপ্ত পদ্ধতি আৰু অধ্যায়টোৰ কঠিন অংশবোৰৰ বাবে প্ৰয়োজনীয় ব্যাখ্যাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

⭐এছিডৰ সোৱাদ টেঙা আৰু ইহঁতে নীলা লিটমাছ ৰঙা কৰে। 

[(A for Acid, B for Blue(tricks) ) Acids a blue litmus Red kore]

⭐ক্ষাৰকৰ সোৱাদ তিতা আৰু ইহঁতে ৰঙা লিটমাছ নীলা কৰে। 

 ⭐লিটমাছ লাইচেন /লাইকেন(Lichen) নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়। 

⭐যিবোৰ পদার্থই  জলীয় দ্ৰৱত আয়নিত হৈ H⁺ আয়ন মুক্ত কৰে, সেইবোৰক  আম্লিক/এছিড (acids) বোলে। 

⭐যিবোৰ পদার্থই  জলীয় দ্ৰৱত আয়নিত হৈ OH⁻  আয়ন মুক্ত কৰে, সেইবোৰক  ক্ষাৰক (Bases) বোলে।

এছিড + ধাতু → লৱণ + হাইড্ৰ’জেন গেছ

Example-  H₂SO₄ + Zn → ZnSO₄ + H₂

        (Sulphuric Acid)         (Zinc Sulphate) 

⭐ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় । 

⭐অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী। 

⭐এছিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়াৰ সমীকৰণ-

ধাতৱ অক্সাইড + এছিড → লৱণ + পানী

⭐পানীত এছিডৰ দ্ৰৱই বিদ্যুৎ প্ৰবাহিত কৰে। 

⭐এছিডে পানীত  H⁺ আৰু ক্ষাৰকে OH⁻ আয়ন মুক্ত কৰে। 

এছিড + ক্ষাৰক  → লৱণ + পানী

⭐    Pᴴ = 0 (খুব বেছি আম্লিক) 

        Pᴴ = 7 (প্ৰশম) 

        Pᴴ = 14 (খুব বেছি ক্ষাৰকীয়) 

Pᴴ Scale from Acids, Bases And Salts -Class 10 Science Chapter 2 SEBA by Vikas Centre

⭐ বৰষুণৰ পানীত Pᴴ ৰ মান 5.6তকৈ কম হ’লে তাক এছিড বৰষুণ বোলে। 

⭐ 

কিছুমান সহজে পোৱা এছিড আৰু সিহঁতৰ Pᴴ 
পদার্থPᴴ 
পাচক ৰসপ্ৰায় 1.2
নেমুৰ ৰসপ্ৰায় 2.2
বিশুদ্ধ পানী,  তেজ7=4
মেগনেছিয়াম দুগ্ধ 10
ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ মিশ্রণ14
কিছুমান সহজে পোৱা এছিড আৰু সিহঁতৰ Pᴴ  ।। Class 10 Chapter 2 Science
Class 10 Science chapter 2 Question Answer Assamese medium

⭐ স্ফটিকাবদ্ধ জল (Water of crystallisation) হ’ল-  লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু। 

⭐স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ-

  1. কপাৰ ছালফেট (CuSO₄.5H₂O)  – (5টা পানীৰ অণু) 
  2. ছ’ডিয়াম কাৰ্বনেট (Na₂CO₃.10H₂O)  – (10টা পানীৰ অণু।) 
  3. জিপছাম (CaSO₄.2H₂O)  – (2টা পানীৰ অণু।) 

প্লাষ্টাৰ অব পেৰিছৰ ব্যৱহাৰ-

  1. ডাক্তৰে ভগা হাড়ঁ সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে  প্লাষ্টাৰ অব পেৰিছ  ব্যৱহাৰ কৰে। 
  2. পুতলা সজা কামত প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰা হয়। 
  3. ঘৰ সজোৱাৰ সামগ্রী আৰু মসৃণ তল সাজিবৰ বাবে প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰা হয়। 

এনেদৰে সম্পূর্ণ পাঠৰ ⭐ mark কৰি উত্তৰ পাবলৈ তলত কমেন্ট কৰা। 

CONNECT WITH US

Telegram Channel

Phone No. – +91 8822352060

Related Post –

Read  Poems – আমাৰ অসমীয়া কবিতাবোৰ

 HSLC -2025  পৰীক্ষাৰ বাবে Class 10 science chapter 2 question answer assamese medium pdf “এছিড, ক্ষাৰক আৰু লৱণ” ৰ সমস্ত প্রশ্নোত্তৰ অসমীয়া মাধ্যমেৰে ASSEB (পূৰ্বৰ SEBA) বোর্ডৰ অন্তৰ্গত। এইখিনি পাঠ্যক্ৰমৰ NCERT-আধাৰিত সমাধান সহায় কৰিব তোমালোকৰ পৰীক্ষাত সাফল্য পাবলৈ। দশম শ্ৰেণীৰ বিজ্ঞানৰ “এছিড, ক্ষাৰক আৰু লৱণ” Class 10 Science chapter 2 Question Answer Assamese medium ত উপলব্ধ।

আমাৰ ‘Vikash Centre’ ত HSLC  Class 10 Science chapter 2 Question Answer Assamese medium ৰ সকলো প্ৰশ্ন-উত্তৰসমূহ উপলব্ধ। ইয়াতো পাব science class 10 Assamese medium চিত্ৰ সহ বিশ্লেষণমূলক উত্তৰসমূহ, যি আপোনাৰ SEBA boardৰ  HSLC  পৰীক্ষাত সহায় কৰিব। অধিক Class 10 Science Assamese medium শিক্ষণ সামগ্ৰীৰ বাবে আমাৰ পেজটো নিয়মিত চাওক আৰু আপডেট পাবলৈ আমাৰ লগত থাকক

Stay Connected with Vikas Centre
Telegram ChannelJoin
WhatsApp ChannelJoin
InstagramFollow
FacebookFollow
TwitterFollow
Follow Us


      Thank you very much for spending so much time on our page. If you like the above Class 10 Science chapter 2 Question Answer Assamese medium, please don’t forget to leave a comment.

N.BPlease without our permission don’t copy our poems. If you want then share it with the author’s name and don’t forget to mention our website as www.ocibuloc.com . 

 Dear friends, if you also want to post your poems, stories, articles or question answers like this with us, Why delay! Send your poem to us now under your name or pen name. And publish your poems on our website like this.


Read :  Best Picnic Spots of Guwahati, Assam


These all are from my side today, now your turn in the comment box. If you want to support my writing 𝙗𝙪𝙮 𝙢𝙚 𝙖 𝙘𝙪𝙥 𝙤𝙛 𝙘𝙤𝙛𝙛𝙚𝙚, If not able right now it’s ok. Try again.☺😍

Thank you for reading the full blogs, hope you enjoyed it. please give your valuable comments, your comments inspire us a lot. 

With Love❤

Ocibul Oc♥


Discover more from Unique Things by Oc

Subscribe to get the latest posts sent to your email.

Unique Things

I'm Ocibul Oc. The founder of Unique Things website. I share my experience with related to travel, places, unique tips and tricks and my experience in multilingual English and Assamese mainly.

3 Comments

  1. “I can’t express how valuable this post is! The level of detail and thoughtful explanations demonstrate your mastery of the subject. Truly a goldmine of information.”

  2. “Mind = blown! 🌟 This is exactly the comprehensive breakdown I needed. Your expertise shines through in every paragraph. Thanks for sharing such well-researched content.”

Leave a Comment

Back to top button